Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

Available in 60 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?" তেওঁলোকে ক'লে, তাৰ দেহত নিশ্চিতৰূপে কোনো ময়লা নাথাকিব। তেতিয়া তেখেতে ক'লেঃ "এইটোৱে হৈছে পাঁচ ওৱাক্ত নামাজৰ উদাহৰণ। ইয়াৰ মাধ্যমত আল্লাহে বান্দাৰ গুনাহসমূহ মচি দিয়ে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনে ৰাতি আদায় কৰা পাঁচ ওৱাক্ত নামাজক নদীত গোছল কৰাৰ সৈতে ৰিজাইছে, যিদৰে দৈনিক পাঁচবাৰ গোছল কৰিলে শৰীৰত কোনো ময়লা নাথাকে, ঠিক সেইদৰে দৈনিক পাঁচ ওৱাক্ত নামাজ আদায় কৰিলে, বান্দাৰ সৰু গুনাহসমূহ মাফ হৈ যায়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality