Hadith for the World
চালাত বা নামাজ

নামাজৰ ফজীলত

10 hadiths

10 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।(মুছলিম)
মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?" তেওঁলোকে ক'লে, তাৰ দেহত নিশ্চিতৰূপে কোনো ময়লা নাথাকিব। তেতিয়া তেখেতে ক'লেঃ "এইটোৱে হৈছে পাঁচ ওৱাক্ত নামাজৰ উদাহৰণ। ইয়াৰ মাধ্যমত আল্লাহে বান্দাৰ গুনাহসমূহ মচি দিয়ে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে। এতেকে (এনেকুৱা কাম কৰা যাতে) আল্লাহে তেওঁৰ জিম্মাত থকা অৱস্থাত কোনো বিষয় সম্পৰ্কে তোমাৰ বিপক্ষে বাদী নহয়। কাৰণ তেওঁ যাৰ বিপক্ষে নিজৰ দায়িত্বৰ কোনো বিষয়ে বাদী হয়, তাক (নিশ্চিতভাৱে) কৰায়ত্ত কৰিব। ইয়াৰ পিছত তাক নাক চোঁচৰাই জাহান্নামত নিক্ষেপ কৰিব।”(মুছলিম)
আবু ঝুহাইৰ উমাৰাহ বিন ৰুআইবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে সূৰ্য্য উদয় হোৱাৰ পূৰ্বে আৰু সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে চালাত আদায় কৰে, তেওঁ কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"(মুছলিম)
উছমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।"(মুছলিম)
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)
عن ربيعة بن كعب الأسلمي قال: كنتُ أبيتُ مع رسول الله صلى الله عليه وسلم فأتيتُه بوَضوئه وحاجته فقال لي: «سل» فقلت: أسألك مرافقتك في الجنة. قال: «أو غير ذلك؟» قلت: هو ذاك. قال: «فأعني على نفسك بكثرة السجود».رواه مسلم
عن عائشة عن النبي صلى الله عليه وسلم قال: «ما من ميت تصلي عليه أُمَّةٌ من المسلمين يبلغون مائة، كلهم يشفعون له، إلا شفعوا فيه».رواه مسلم