126 hadiths
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ)
«التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ»
("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ
التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ،
("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ
اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه».
আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"(বুখাৰী)