ফিকহ আৰু উচুলে ফিক্হ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
Available in 60 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰাআত পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ প্ৰতি কুৰবান হওক, তাকবীৰ আৰু কিৰাআতৰ মাজত যিখিনি সময় আপুনি মৌন হৈ থাকে, সেইখিনি সময়ত আপুনি কি পাঠ কৰে? তেখেতে ক'লেঃ "মই এইটো পাঠ কৰোঁঃ আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।"»Meaning translation ·
Saved at original quality








