40 hadiths
জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ
اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه».
আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"(বুখাৰী)
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"(তিৰমিজী, ইবনে মাজাহ, আহমদ)