AS
চালাত বা নামাজ
নামাজৰ অনিবাৰ্যতা আৰু নামাজ পৰিত্যাগকাৰীৰ বিধান
5 hadiths
নামাজৰ অনিবাৰ্যতা আৰু নামাজ পৰিত্যাগকাৰীৰ বিধান
5
নামাজৰ ফজীলত
10
আজান আৰু ইক্বামত
6
নামাজৰ নিষিদ্ধ সময়সমূহ
2
নামাজৰ চৰ্তসমূহ
3
নামাজৰ আৰকানসমূহ
2
Obligatory Acts of Prayer
1
নামাজৰ ছুন্নতসমূহ
1
নামাজৰ পদ্ধতি
10
নামাজৰ দুআসমূহ
15
مبطلات الصلاة
1
মুচল্লীসকলৰ কিছুমান ভুল
5
কৃতজ্ঞতা, তিলাৱত, বা ভুল হ'লে কৰিবলগীয়া ছাজদাহ
4
জামাতৰ নামাজৰ ফজীলত আৰু ইয়াৰ বিধি-বিধান
7
ইমাম আৰু মুক্তাদীৰ বিধি-বিধান
4
উপযুক্ত কাৰণবিশিষ্ট লোকৰ নামাজ
1
জুমুআৰ নামাজ
7
নফল নামাজ
40
صلاة الكسوف والخسوف
2
صلاة الاستسقاء
1
মছজিদ সম্পৰ্কীয় বিধান
9
5 hadiths
আমৰ বিন শ্বুআইবে তেওঁৰ পিতৃ (শ্বুআইব)ৰ পৰা আৰু তেওঁ শ্বুআইবৰ দাদা (আব্দুল্লাহ বিন আমৰ)ৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
(আবু দাঊদ)
বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"
(বুখাৰী)
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"। (ছুৰা ত্বাহাঃ ১৪)
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
(মুছলিম)