126 hadiths
আব্দুৰ ৰহমান বিন আবু লায়লাৰ পৰা বৰ্ণিত তেওঁ কৈছে, কাআব বিন উজৰাই মোক সাক্ষাৎ কৰি ক'লেঃ মই আপোনাক এটা উপহাৰ নিদিমনে? এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম? তেতিয়া তেখেতে ক'লেঃ এইদৰে কোৱাঃ اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ
"আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"(তিৰমিজী, ইবনে মাজাহ, আহমদ)