Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 70 languages
«জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে। এতেকে (এনেকুৱা কাম কৰা যাতে) আল্লাহে তেওঁৰ জিম্মাত থকা অৱস্থাত কোনো বিষয় সম্পৰ্কে তোমাৰ বিপক্ষে বাদী নহয়। কাৰণ তেওঁ যাৰ বিপক্ষে নিজৰ দায়িত্বৰ কোনো বিষয়ে বাদী হয়, তাক (নিশ্চিতভাৱে) কৰায়ত্ত কৰিব। ইয়াৰ পিছত তাক নাক চোঁচৰাই জাহান্নামত নিক্ষেপ কৰিব।”»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে তেওঁ আল্লাহৰ হিফাজতত থাকে, তেওঁৰ জিম্মাত তথা তেওঁৰ সংৰক্ষণত থাকে। আল্লাহে তাক বিপদাপদৰ পৰা ৰক্ষা কৰে আৰু তাক সহায় কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে যে, ফজৰৰ চালাত ত্যাগ কৰি অথবা মুছল্লিৰ প্রতি সীমালংঘন কৰি নাইবা তাক লাঞ্ছিত কৰি যি ব্যক্তিয়ে আল্লাহৰ সৈতে কৰা প্ৰতিশ্ৰুতি ভংগ কৰে, সি দৰাচলতে নিৰাপত্তাৰ দেৱাল ভাঙি পেলায় আৰু সি কঠিন শাস্তিৰ যোগ্য হৈ পৰে। কাৰণ সি খৰ্ব কৰা অধিকাৰ সম্পৰ্কে আল্লাহে তাক সোধ-পোচ কৰিব। জানি থোৱা! আল্লাহে যাৰ বিপক্ষে বাদী হ'ব, তাক তেওঁ নিশ্চিতভাৱে জাহান্নামত নিক্ষেপ কৰিব।

Source
(মুছলিম)
Download image

Saved at original quality