Hadith for the World
Tap the image to view it full size
আক্বীদাহ

আবু আইয়্যুব আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 70 languages
«আবু আইয়্যুব আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছত এজন মুছলিম ভাতৃক আন এজন মুছলিম ভাতৃৰ সৈতে তিনি দিনতকৈ অধিক সময় এনেকৈ সম্পৰ্ক ছিন্ন ৰাখিবলৈ নিষেধ কৰিছে যে, দুজনে কেতিয়াবা সাক্ষাৎ হ'লে ইজনে সিজনক ছালাম নকৰে আৰু কথাও নকয়। এই দুয়োজনৰ মাজত উত্তম ব্যক্তি হৈছে সেইজন, যিয়ে মীমাংসাত আহিবলৈ চেষ্টা কৰিব তথা যিয়ে প্ৰথমে ছালাম কৰিব। এই সম্পৰ্কচ্ছেদৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কক বুজোৱা হৈছে। পক্ষান্তৰে আল্লাহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্ক ছিন্ন কৰি আঁতৰি থাকে তেন্তে সেইটোৰ বাবে কোনো সময় নিৰ্দিষ্ট নাই, যেনে- পাপকৰ্মত লিপ্ত থকাৰ কাৰণে, বিদ‘আতী হোৱাৰ কাৰণে বা অসৎ সংগ গ্ৰহণ কৰাৰ কাৰণে যদি কোনোবাই সম্পৰ্কচ্ছেদ কৰি আঁতৰি থাকে তেন্তে ইয়াৰ বাবে কোনো সময় নিৰ্ধাৰিত নাই; বৰং এইবোৰৰ পৰা সম্পৰ্ক ছিন্ন ৰখাটো হৈছে বিশেষ কোনো কাৰণ আৰু উদ্দেশ্যৰ সৈতে জড়িত, যেতিয়াই সেই কাৰণ দূৰ হ'ব তেতিয়াই সম্পৰ্ক পুনৰ বাহাল হ'ব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality