Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 55 languages
«আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সত্য কথা ক'বলৈ নিৰ্দেশ দিছে। লগতে জনাইছে যে, ইয়াক মজবুতভাৱে অৱলম্বন কৰিলে ই নেক আমলৰ পথত পৰিচালিত কৰে। এইদৰে নিয়মিত নেক আমল কৰিলে বান্দাৰ বাবে জান্নাতৰ পথ সুগম হয়। লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো অৱস্থাতে সত্যক আঁকোৱালি ল'লে বান্দাক সত্যবাদী বুলি নামকৰণ কৰা হয়। এইটো হৈছে সত্যতাৰ উচ্চ শৃংগ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অসত্য কথা তথা মিছা কথাৰ পৰা সতৰ্ক কৰিছে। কাৰণ এনেকুৱা আচৰণে মানুহক সৎপথৰ পৰা আঁতৰাই গুনাহ আৰু পাপকৰ্মৰ পথত পৰিচালিত কৰে। ইয়াৰ পিছত জাহান্নামত লৈ যায়। এইদৰে বান্দা যেতিয়া সদায় মিছা কথাত অভ্যস্ত হৈ পৰে তেতিয়া আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality