Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

Available in 66 languages
«ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, সৰ্বশক্তিমান আল্লাহে তেওঁৰ কিছুমান বান্দাক ভালপায়। তেওঁলোকৰ মাজত অন্যতম হৈছে মুত্তাক্বী বান্দা। যিয়ে আল্লাহৰ নিৰ্দেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থাকে। লগতে ধনী বান্দাক ভালপায়ঃ যিজন আল্লাহৰ বাহিৰে আন কাৰো মুখাপেক্ষী নহয়, তথা যিয়ে মানুহৰ ওচৰত একো নিবিচাৰে। লগতে তেওঁ অপ্ৰসিদ্ধ লোকক ভালপায়ঃ যিজন বিনয়ী, নিজ প্ৰতিপালকৰ উপাসনাকাৰী। যিয়ে সদায় উপকাৰী কামত নিজকে ব্যস্ত ৰাখে। যিয়ে কেতিয়াও নিবিচাৰে যে, মানুহে তেওঁক চিনি পাওক অথবা মানুহে তেওঁৰ প্ৰশংসামূলক আলোচনা কৰক।

Source
(মুছলিম)
Download image

Saved at original quality