Hadith for the World
Tap the image to view it full size
আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 43 languages
«ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

যিয়ে নিয়মিত কোৰআন তিলাৱত কৰে, চাই চাই হওক বা মুখস্থ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ উদাহৰণ দিছে উটৰ গৰাকীৰ সৈতে, যিয়ে উটক ৰছীৰে মজবুতকৈ বান্ধি ৰাখে। তেওঁ যেতিয়ালৈকে উটক লেকাম লগাই বান্ধি ৰাখিব, তেতিয়ালৈকে উট তেওঁৰ আয়ত্তত থাকিব। আনহাতে যেতিয়াই লেকামহীন হৈ পৰিব তেতিয়া সেই উট পলায়ন কৰিব তথা গুচি যাব। ঠিক সেইদৰে কোৰআনৰ হাফিজে যেতিয়ালৈকে কোৰআন নিয়মিতভাৱে তিলাৱত কৰিব তেতিয়ালৈকে মনত থাকিব। নিয়মিত তিলাৱত নকৰিলেই পাহৰি যাব। সেয়ে কোৰআনৰ সৈতে সম্পৰ্ক যিমান সুদৃঢ় হ'ব, তাৰ মুখস্থ সিমানেই থাকিব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality