Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

উবাইদুল্লাহ বিন মিহচান আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 47 languages
«উবাইদুল্লাহ বিন মিহচান আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, তোমালোকৰ মাজৰ যিয়ে সুস্থ সবল অৱস্থাত ৰাতিপুৱা টোপনিৰ পৰা উঠে, যাৰ শৰীৰত কোনো বেমাৰ আজাৰ নাই, নিজৰ আৰু পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ, কোনো ধৰণৰ ভয় ভাবুকি নাই, লগতে তাৰ ওচৰত আছে এটা দিন পাৰ কৰিব পৰা হালাল খাদ্য সামগ্ৰী। সেই ব্যক্তিৰ অৱস্থা হৈছে এনেকুৱা যেনিবা তাৰ বাবে গোটেই পৃথিৱী একত্ৰিত কৰি দিয়া হৈছে।

Source
(তিৰমিজী, ইবনে মাজাহ)
Download image

Saved at original quality