Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 65 languages
«ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল। চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয় নেকি? তেখেতে ক'লেঃ "আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয়। কিন্তু যদি কোনোবাই সশৰীৰে নিজৰ ধন-সম্পদ লৈ যুদ্ধ ক্ষেত্ৰলৈ ওলায় যায় আৰু একোৱেই যদি উভতি নাহে তেন্তে তাৰ বিষয়টো সুকীয়া।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, বছৰৰ অন্যান্য দিনৰ তুলনাত জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল আটাইতকৈ উত্তম। এই কথা শুনি চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, বছৰৰ অন্যান্য দিনত কৰা জিহাদ বেছি উত্তম নে এই দহ দিনত কৰা নেক আমল বেছি উত্তম? তেওঁলোকে প্ৰশ্নটো এই কাৰণে কৰিছিল যে, তেওঁলোকে জিহাদক আটাইতকৈ উত্তম আমল বুলি গণ্য কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লে যে, অন্যান্য দিনত জিহাদ কৰাতকৈও এই দহ দিনৰ আমল অধিক উত্তম। কিন্তু যদি কোনোবাই সশৰীৰে নিজৰ ধন-সম্পদলৈ যুদ্ধ ক্ষেত্ৰলৈ ওলাই যায় আৰু যুদ্ধত সকলো সম্পদ ব্যয় কৰি নিজে শ্বহীদ হৈ যায় তেন্তে তাৰ বিষয়টো সুকীয়া। এতেকে কেৱল এই আমলটোৱে হৈছে এই দহ দিনত কৰা আমলতকৈ উত্তম।

Source
(বুখাৰী, আবু দাঊদ, শব্দবোৰ আবু দাঊদৰ)
Download image

Saved at original quality