Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 48 languages
«আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতৰ কেইটামান নিয়ামতৰ বিষয়ে উল্লেখ কৰিছে যে, মুমিনৰ বাবে জান্নাতত এটা ডাঙৰ প্ৰশস্ত তম্বু থাকিব। সেই তম্বুটো এটা মুকুতাৰে নিৰ্মাণ কৰা হ'ব, যিটো মুকুতাৰ ভিতৰভাগ খালি থাকিব। প্ৰশস্ততা আৰু আকাশৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল পৰ্যন্ত। এই তম্বুৰ প্ৰতিটো প্ৰান্ততে থাকিব তেওঁৰ স্ত্ৰীসকল, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব। মুমিন ব্যক্তিয়ে তেওঁলোকৰ প্ৰত্যেকৰে ওচৰলৈ গমন কৰিব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality