Hadith for the World
Topic

হাদীছ আৰু হাদীছ সম্পৰ্কীয় বিবিধ জ্ঞান

3 hadiths

3 hadiths

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।(বুখাৰী)
ছামুৰাহ বিন জুনদাব আৰু মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত, তেওঁলোক উভয়ে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।"رواه مسلم في مقدمته
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})