Hadith for the World
Tap the image to view it full size
হাদীছ আৰু হাদীছ সম্পৰ্কীয় বিবিধ জ্ঞান

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 71 languages
«আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন হাদীছৰ জ্ঞান প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে। পৰিমাণ যিমানেই কম নহওক কিয়, এটা আয়াত বা এটা হাদীছ হ'লেও কথা নাই। কিন্তু চৰ্ত হৈছে সেই বিষয়ে তেওঁ নিজে জনা হ'ব লাগিব আৰু তাৰ পিছতহে প্ৰচাৰ কৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, বনী ইছৰাঈলৰ পৰা সেইবোৰ ঘটনা বৰ্ণনা কৰাত কোনো অসুবিধা নাই যিবোৰ ঘটনা সিহঁতৰ সৈতে সংঘটিত হৈছে তথা যিবোৰৰ লগত আমাৰ চৰীয়তৰ কোনো অমিল নাই। ইয়াৰ পিছত তেখেতে মিছা কথাৰ পৰা সতৰ্ক কৰিছে, এতেকে যিয়ে জানি বুজি তেখেতৰ বিষয়ে মিছা কথা ক'ব, সি যেন জাহান্নামত নিজৰ ঠিকনা বনাই লয়।

Source
(বুখাৰী)
Download image

Saved at original quality