Hadith for the World
পাৰিবাৰিক ফিকহ

নাৰীসকলৰ বিধি-বিধান

10 hadiths

10 hadiths

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা। কিয়নো বনী ইছৰাঈলৰ প্ৰথম ফিতনা আছিল নাৰীৰ ফিতনা।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।" অথবা তেখেতে কৈছেঃ "বেলেগ কোনো কাৰণত"।(মুছলিম)
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي شريح خويلد بن عمرو الخزاعي و أبي هريرة رضي الله عنهما عن رسول الله صلى الله عليه وسلم قال: «اللَّهُمَّ إِنِّي أُحَرِّجُ حَقَّ الضَعِيفَين: اليَتِيم والمَرْأَة».حديث أبي شريح رواه النسائي. وحديث أبي هريرة رواه ابن ماجه وأحمد
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।(মুছলিম)
উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।(বুখাৰী)
عن أبي سعيد الخُدْرِي رضي الله عنه قال: جاءت امرأة إلى رسول الله صلى الله عليه وسلم فقالت: يا رسول الله، ذهب الرجال بِحَدِيثِكَ، فاجْعَل لنَا من نَفْسِك يومًا نَأتِيكَ فيه تُعَلِّمُنَا مما عَلَّمَكَ الله، قال: «اجْتَمِعْنَ يَوَم كَذَا وكَذَا» فَاجْتَمَعْنَ، فأتَاهُنَّ النبي صلى الله عليه وسلم فَعَلَّمَهُنَّ مما عَلَّمَهُ الله، ثم قال: «ما مِنْكُنَّ من امرأة تُقَدِّمُ ثَلاَثَة من الولد إلا كانوا حِجَابًا من النَّارِ» فقالت امرأة: واثنين؟ فقال رسول الله صلى الله عليه وسلم : «واثنين».متفق عليه
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঈদুল আজহা অথবা ঈদুল ফিতৰত ঈদগাহলৈ আহিল। তাত তেখেতে নাৰীসকলৰ ওচৰলৈ গৈ ক'লেঃ "হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن ابن عباس رضي الله عنهما أنه سمع النبي صلى الله عليه وسلم يقول: «لا يَخْلُوَنَّ رجلٌ بامرأةٍ، ولا تسافِرَنَّ امرأةٌ إلا ومعها محرمٌ»، فقام رجل فقال: يا رسول الله، ‌اكتتبت في غزوة كذا وكذا، وخرجت امرأتي حاجة، قال: «اذهب فحج مع امرأتك».متفق عليه