Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 41 languages
«আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।»

Meaning translation ·

Explanation

The meaning in a few plain lines

উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হ'ল যে, ঘৰৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা কি আছিল, তেখেতে কি কামত ব্যস্ত থাকিছিল? ইয়াৰ উত্তৰত তেওঁ ক'লেঃ তেখেত মানুহৰ দৰেই এজন মানুহ আছিল, পুৰুষসকলে ঘৰত যি যি কৰে, তেখেতেও তাকেই কৰিছিল। তেখেতে নিজৰ কামৰ লগতে ঘৰৰ কামতো সহযোগ কৰিছিল। ছাগলীৰ গাখীৰ খিৰাইছিল, নিজৰ কাপোৰ নিজে চিলাই কৰিছিল, নিজৰ জোতা নিজে মেৰামতি কৰিছিল, বাল্টি বাচন বৰ্তন নিজে তালি লগাইছিল। যেতিয়া নামাজৰ ইকামত হৈছিল, তেতিয়া তেখেতে অকণো পলম নকৰাকৈ লগে লগে ওলাই গৈছিল।

Source
(বুখাৰী)
Download image

Saved at original quality