Hadith for the World
ফজীলত আৰু শিষ্টাচাৰসমূহ

আখলাক্ব সম্পৰ্কীয় বিজ্ঞান

56 hadiths

56 hadiths

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
عن أبي موسى الأشعري رضي الله عنه قَالَ: قالَ رسول اللَّه -صَلّى اللهُ عَلَيْهِ وسَلَّم-: «إِنَّ مِنْ إِجْلاَلِ الله -تَعَالَى-: إِكْرَامَ ذِي الشَّيْبَةِ المُسْلِمِ، وَحَامِلِ القُرْآنِ غَيرِ الغَالِي فِيه، وَالجَافِي عَنْه، وَإِكْرَام ذِي السُّلْطَان المُقْسِط».رواه أبو داود
عن أبي هريرة رضي الله عنه مرفوعاً: «أتدرون من المفلس؟» قالوا: المُفْلِس فينا من لا دِرهَمَ له ولا مَتَاع، فقال: «إن المفلس من أمتي من يأتي يوم القيامة بصلاة وصيام وزكاة، ويأتي وقد شَتَمَ هذا، وقذف هذا، وأكل مال هذا، وسَفَكَ دم هذا، وضرب هذا، فيعطى هذا من حسناته، وهذا من حسناته، فإن فنيت حسناته قبل أن يُقْضَى ما عليه، أخذ من خطاياهم فَطُرِحتْ عليه، ثم طُرِحَ في النار».رواه مسلم
عن معاذ بن أنس رضي الله عنه مرفوعًا: «مَن كَظَمَ غَيظًا، وَهُو قادر على أن يُنفِذَه، دَعَاه الله سبحانه وتعالى على رؤوس الخَلاَئِق يوم القيامة حتَّى يُخَيِّره من الحُور العَين مَا شَاء».رواه أبو داود والترمذي وابن ماجه وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعًا: «إِنَّ الله تَعَالى يَقُول يَوْمَ القِيَامَة: أَيْنَ المُتَحَابُّونَ بِجَلاَلِي؟ اليَوم أُظِلُّهُم فِي ظِلِّي يَوْمَ لاَ ظِلَّ إِلاَّ ظِلِّي».رواه مسلم
ছুলাইমান বিন চুৰাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।(বুখাৰী)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول: «جَعَلَ اللهُ الرحمةَ مائة جُزْءٍ، فَأَمْسَكَ عِنْدَهُ تِسْعَةً وَتِسْعِينَ، وأَنْزَلَ في الأَرْضِ جُزْءًا وَاحِدًا، فَمِنْ ذَلِكَ الجُزْءِ يَتَرَاحَمُ الخَلَائِقُ، حتى تَرْفَعَ الدَّابَّةُ حَافِرَهَا عَنْ وَلَدِهَا خَشْيَةَ أَنْ تُصِيبَهُ». وفي رواية «إِنَّ للهِ تعالى مئةُ رحمةٍ، أَنْزَلَ منها رحمةً واحدةً بَيْنَ الجِنِّ والإنسِ والبَهَائِمِ والهَوَامِّ، فَبِهَا يَتَعَاطَفُونَ، وبها يَتَرَاحَمُونَ، وبِهَا تَعْطِفُ الوَحْشُ على وَلَدِهَا، وأَخَّرَ اللهُ تعالى تِسْعًا وتِسْعِينَ رحمةً يَرْحَمُ بِهَا عِبَادَهُ يومَ القِيَامَةِ». وعن سلمان الفارسي رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «إِنَّ للهِ تعالى مئةُ رحمةٍ فمنها رحمةٌ يَتَرَاحَمُ بها الخَلْقُ بَيْنَهُمْ، وتِسْعٌ وتِسْعُونَ لِيَومِ القِيَامَةِ». وفي رواية: «إِنَّ اللهَ تَعَالَى خَلَقَ يَوْمَ خَلَقَ السَّمَاوَاتِ والأَرْضَ مئةَ رحمةٍ كُلُّ رحمةٍ طِبَاقَ مَا بَيْنَ السَّمَاءِ إلى الأَرْضِ، فَجَعَلَ منها في الأَرْضِ رَحْمَةً فبها تَعْطِفُ الوَالِدَةُ على وَلَدِهَا، والوَحْشُ والطَّيْرُ بَعْضُهَا عَلَى بَعْضٍ، فإذا كانَ يومُ القيامةِ أَكْمَلَهَا بِهَذِه الرحمةِ».حديث أبي هريرة -رضي الله عنه-: متفق عليه. حديث سلمان -رضي الله عنه-: رواه مسلم
‌عَنْ ‌أَبِي ‌ذَرٍّ، ‌جُنْدُبِ ‌بْنِ ‌جُنَادَةَ، ‌وَأَبِي ‌عَبْدِ ‌الرَّحْمَنِ، ‌مُعَاذِ بْنِ جَبَلٍ رَضِيَ اللَّهُ عَنْهُمَا عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «اتَّقِ اللَّهَ حَيْثُمَا كُنْت، وَأَتْبِعْ السَّيِّئَةَ الْحَسَنَةَ تَمْحُهَا، وَخَالِقْ النَّاسَ بِخُلُقٍ حَسَنٍ».رواه الترمذي
নাওৱাছ বিন ছামআন আল-আনচাৰী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।(বুখাৰী)
عن أبي هريرة رضي الله عنه أن النبي صلى الله عليه وسلم قال: «لا يُلْدَغُ المؤمنُ من جُحْرٍ واحد مرتين».متفق عليه
জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"(মুছলিম)
عن أنس رضي الله عنه قَالَ: كُنْتُ أمشي مَعَ رسول الله صلى الله عليه وسلم وَعَلَيْهِ بُرْد نَجْرَانيٌّ غَلِيظُ الحَاشِيَةِ، فأدْرَكَهُ أعْرَابِي فَجَبذَهُ بِرِدَائِهِ جَبْذَة شَديدة، فَنَظَرْتُ إِلَى صَفْحَةِ عَاتِقِ النَّبيِّ صلى الله عليه وسلم وَقَدْ أثَّرَتْ بِهَا حَاشِيَة الرِّدَاءِ مِنْ شِدَّةِ جَبْذَتِه، ثُمَّ قَالَ: يَا مُحَمَّدُ، مُر لِي مِنْ مَالِ اللهِ الَّذِي عِنْدَكَ. فَالتَفَتَ إِلَيْهِ، فَضَحِكَ ثُمَّ أَمَرَ لَهُ بِعَطَاءٍ.متفق عليه
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব। আদম সন্তানৰ পেট কেৱল মাটিয়েহে পূৰণ কৰিব পাৰিব। কিন্তু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن ابن عمر رضي الله عنهما مرفوعا: «الظلم ظلمات يوم القيامة». عن جابر رضي الله عنهما مرفوعا: «اتقوا الظلم، فإن الظلم ظلمات يوم القيامة، واتقوا الشُّحَ؛ فإنه أَهْلَكَ من كان قبلكم».حديث ابن عمر -رضي الله عنهما-: متفق عليه. حديث جابر -رضي الله عنه-: رواه مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা। কাৰো দোষ অনুসন্ধান নকৰিবা আৰু কাৰো ত্ৰুটি অনুসন্ধান কৰিবলৈ গুপ্তচৰগিৰি নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, সম্পৰ্কচ্ছেদ নকৰিবা, ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ নকৰিবা, বৰং তোমালোক আটায়ে আল্লাহৰ বান্দা হিচাপে ভাতৃবন্ধত আৱদ্ধ হৈ যোৱা।”(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক উদ্দেশ্যি কৈছিলঃ কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।(মুছলিম)