Hadith for the World
ফজীলত আৰু শিষ্টাচাৰসমূহ

আখলাক্ব সম্পৰ্কীয় বিজ্ঞান

56 hadiths

56 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু মাছঊদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”(মুছলিম)
عن عبد الله بن عمرو بن العاص رضي الله عنهما أن رسول الله صلى الله عليه وسلم قال: «من الكبائر شَتْمُ الرجل والديه» قيل: وهل يسبّ الرجل والديه؟ قال: «نعم، يسبّ أبا الرجل فيسبّ أباه، ويسبّ أمّه، فيسبّ أمّه».متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”(তিৰমিজী, ইবনে মাজাহ, আহমদ)
عن أبي هريرة رضي الله عنه عن رسول الله صلى الله عليه وسلم قال: «الْمُؤْمِنُ مِرْآةُ أَخِيهِ الْمُؤْمِنِ».رواه أبو داود والترمذي
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।"(মুছলিম)
ইয়াজ ইবনু হিমাৰ বনী মুজাশ্বিঈৰ ভাতৃ, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ ভাষণ প্ৰদান কৰিলে। এই হাদীছটো এটা ডাঙৰ হাদীছৰ অংশ, তাত তেখেতে কৈছেঃ "মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।"(মুছলিম)
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।(তিৰমিজী, আহমদ)
ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।(মুছলিম)
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে অন্যায়-অত্যাচাৰৰ পৰা বিৰত থাকা, কাৰণ কিয়ামতৰ দিনা অন্য়ায়-অত্যাচাৰ গভীৰ অন্ধকাৰৰূপে আগমন কৰিব। লগতে তোমালোকে কৃপণতা পৰিত্যাগ কৰা, কাৰণ কৃপণতাই তোমালোকৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰিছে। সিহঁতক ইজনে সিজনৰ তেজ প্ৰবাহিত কৰিবলৈ আৰু হাৰামক হালাল বুলি গণ্য কৰিবলৈ উৎসাহিত কৰিছিল।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।(মুছলিম)
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।(আবু দাঊদ, আহমদ)
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعًا: «بينما رجل يمشي في حُلَّةٍ تُعْجِبُهُ نَفْسُهُ، مُرَجِّلٌ رأسه، يَخْتَالُ في مَشْيَتهِ، إذ خَسَفَ اللهُ به، فهو يَتَجَلْجَلُ في الأرض إلى يوم القيامة".متفق عليه
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"(বুখাৰী)
عن عبد الله بن مسعود رضي الله عنه عن النبيِّ صلى الله عليه وسلم ، قَالَ: «لا يدخلُ الجنةَ مَن كان في قلبه مِثقال ذرةٍ من كِبر» فقال رجل: إنّ الرجلَ يحب أن يكون ثوبه حسنا، ونَعله حسنة؟ قال: «إنّ الله جميلٌ يحب الجمالَ، الكِبر: بَطَرُ الحق وغَمْطُ الناس».رواه مسلم
ছামুৰাহ বিন জুনদাব আৰু মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত, তেওঁলোক উভয়ে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।"رواه مسلم في مقدمته