Hadith for the World
Topic

আক্বীদাহ

135 hadiths

135 hadiths

আবূ বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।"(তিৰমিজী)
عن أبي هريرة رضي الله عنه مرفوعاً: «لما خلق اللهُ الخَلْقَ كتب في كتاب، فهو عنده فوق العرش: إن رحمتي تَغْلِبُ غضبي». وفي رواية: «غَلَبَتْ غضبي» وفي رواية: «سَبَقَتْ غضبي».متفق عليه
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু আইয়্যুব আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু চিৰমাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তি আমাৰ অন্তৰ্ভুক্ত নহয়, যিয়ে (শোকৰ সময়ত কান্দি কান্দি) গালত চৰিয়ায় আৰু বুকুৰ কাপোৰ ফালি পেলায় আৰু অজ্ঞতা যুগৰ মাত মাতে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي أمامة رضي الله عنه قال: سمعتُ رسولَ اللهِ صلى الله عليه وسلم يقولُ: «اقْرَؤُوا القرْآنَ؛ فَإنَّهُ يَأتِي يَوْمَ القِيَامَةِ شَفِيعًا لأَصْحَابِهِ».رواه مسلم
عن جابر بن عبد الله رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم : «يُبْعَثُ كلُّ عبدٍ على ما مات عليه».رواه مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।"(মুছলিম)
عن أنس بن مالك رضي الله عنه عن رسول الله صلى الله عليه وسلم أنه كان إذا أكل طعاما، لعق أصابعه الثلاث. قال: وقال: «إذا سقطت لُقمة أحدكم فليُمِطْ عنها الأذى، وليأكلها ولا يَدَعْهَا للشيطان» وأمر أن تُسْلَتَ القَصْعَةُ، قال: «فإنكم لا تدرون في أيِّ طعامكم البركة» وعن جابر بن عبد الله رضي الله عنه أن رسولَ اللهِ صلى الله عليه وسلم قالَ: "إنّ الشيطانَ يَحضُرُ أحدَكُم عندَ كلِ شيءٍ من شَأنِه، حتى يَحضُرَهُ عندَ طعامِهِ، فإذا سَقطتْ لقمةُ أحدِكُم فليَأخُذْها فَلْيُمِطْ ما كانِ بها من أذى، ثم ليَأكُلْها ولا يَدَعْها للشيطانِ، فإذا فَرَغَ فليَلْعَقْ أصابعَهُ، فإنه لا يَدري في أيِّ طَعامه البركة"حديث أنس رواه مسلم. حديث جابر رواه مسلم
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"(মুছলিম)
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “আটাইতকৈ ডাঙৰ কবীৰাহ গুনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা নিৰাপদ বুলি ভবা, আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা আৰু আল্লাহৰ প্রশস্ততাৰ পৰা হতাশ হোৱা।”আব্দুৰ ৰাজ্জাকে বৰ্ণনা কৰে
عن البراء بن عازب –رضي الله عنهما- قال: كانَ رجلٌ يَقرَأُ سُورةَ الكهفِ، وعندَه فَرَسٌ مَربُوطٌ بِشَطَنَيْنِ، فَتَغَشَّتْهُ سَحَابَةٌ فَجَعَلَتْ تَدْنُو، وجَعلَ فَرَسُه يَنفِرُ منها، فلمّا أصبحَ أتَى النبيَّ صلى الله عليه وسلم فَذَكرَ ذلك له، فقالَ: «تِلكَ السَّكِينةُ تَنَزَّلَتْ للقُرآنِ».متفق عليه
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"(মুছলিম)
عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال: «ما توطَّنَ رجلٌ مسلمٌ المساجدَ للصلاة والذِّكر، إلا تَبَشْبَشَ اللهُ له، كما يَتَبَشْبَشُ أهلُ الغائب بغائبهم إذا قَدِمَ عليهم».رواه ابن ماجه وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ। মোৰ বান্দাই নফল আমলৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰাৰ প্ৰয়াস কৰিয়ে থাকে, অৱশেষত মই তাক মুহাব্বত কৰোঁ। যেতিয়া মই তাক মুহাব্বত কৰিবলৈ লওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখা পায়। হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোজকাঢ়ে। যেতিয়া সি মোৰ ওচৰত কিবা বিচাৰে, মই তাক নিশ্চয় প্ৰদান কৰোঁ। এইদৰে কোনো বস্তুৰ পৰা মোৰ ওচৰত আশ্ৰয় বিচাৰে, অৱশ্যই মই তাক আশ্ৰয় প্ৰদান কৰোঁ। মই বেলেগ কোনো কামতে কেতিয়াও দ্বিধাবোধ নকৰোঁ কিন্তু মুমিনৰ প্ৰাণ হৰণত কৰাত মই দ্বিধাবোধ কৰোঁ। সি মৃত্যুক অপছন্দ কৰে আৰু মই তাক কষ্ট দিবলৈ অপছন্দ কৰোঁ।"(বুখাৰী)
عن أنس بن مالك وأبي هريرة رضي الله عنهما عن النبي صلى الله عليه وسلم فيما يرويه عن ربه عز وجل قال: «إذا تَقَرَّبَ العبدُ إليَّ شِبْرًا تَقَرَّبْتُ إليه ذِرَاعًا، وإذا تَقَرَّبَ إليَّ ذِرَاعًا تَقَرَّبْتُ مِنْهُ بَاعًا، وإذا أتاني يمشي أَتَيْتُهُ هَرْوَلَةً».حديث أنس -رضي الله عنه- رواه البخاري . حديث أبي هريرة -رضي الله عنه- متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। হায়া বা লাজো হৈছে ঈমানৰ এটা শাখা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আদী বিন হাতিম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব। তেতিয়া সি নিজৰ সোঁফালে চাব, তেতিয়া তাত কেৱল নিজৰ আমলহে দেখা পাব, আৰু বাওঁফালে লক্ষ্য কৰিব, তাতো কেৱল নিজৰ আমলহে দেখা পাব, আৰু সন্মুখৰ পিনে চাব, তাত দেখা পাব জাহান্নাম। গতিকে জাহান্নামৰ জুইৰ পৰা বাচিবলৈ চেষ্টা কৰা, যদিও এটুকুৰা খেজুৰৰ জৰিয়তেই নহওক কিয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ ইবনে উকাইম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।”(তিৰমিজী) - (আহমদ)
তাৰিক বিন আশ্বয়াম আল-আশ্বজায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।(মুছলিম)