Hadith for the World
সৰ্বশক্তিমান আল্লাহৰ প্ৰতি ঈমান

তাওহীদুৰ ৰূবুবিয়্যাহ বা প্ৰভুত্বত একত্ববাদ

2 hadiths

2 hadiths

আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})