ফজীলত আৰু শিষ্টাচাৰসমূহ
আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ
Available in 60 languages
«আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।»Meaning translation ·
Saved at original quality








