Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 40 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুমিনৰ বাবে পাৰ্থিৱ জীৱন হৈছে এটা কাৰাগাৰৰ দৰে, কাৰণ মুমিন ব্যক্তিয়ে চৰীয়তৰ বিধি-বিধানবোৰ খামোচি ধৰি আদেশসমূহ পালন কৰিব লাগে আৰু নিষেধসমূহৰ পৰা বিৰত থাকিব লাগে। যেতিয়া তেওঁ মৃত্যুবৰণ কৰিব, তেতিয়া তেওঁ এইবোৰৰ পৰা মুক্তি পাব আৰু আল্লাহে তেওঁৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, অনন্ত সেই সুখৰ ফালে তেওঁ উভতি যাব। আনহাতে এই পাৰ্থিৱ জীৱন হৈছে কাফিৰসকলৰ বাবে জান্নাতস্বৰূপ। কাৰণ সি ইয়াত তাৰ আত্মাই যি বিচাৰে আৰু তাৰ প্ৰবৃত্তিয়ে যি নিৰ্দেশ দিয়ে সেইটোৱে কৰে। সেয়ে যেতিয়া সি মৃত্যুবৰণ কৰিব, তেতিয়া সি সেই স্থায়ী শাস্তিৰ পিনে উভতি যাব যিটো আল্লাহে তাৰ বাবে কিয়ামত দিৱসত প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।

Source
(মুছলিম)
Download image

Saved at original quality