ফজীলত আৰু শিষ্টাচাৰসমূহ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত
Available in 61 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন বেদুইন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ “মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" সেই ব্যক্তিজনে ক’লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াতকৈ মই একো বেছি নকৰোঁ। যেতিয়া সেই ব্যক্তিজন উভতি গ'ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "যিয়ে কোনো জান্নাতী ব্যক্তিক চাব বিচাৰে তেওঁ ইয়াক চোৱা উচিত।"»Meaning translation ·
Saved at original quality








