Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 54 languages
«আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত। আনহাতে অপছন্দনীয় চিন্তনীয় বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে যদি কোনোবাই এনেকুৱা বেয়া সপোন দেখে তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত, আৰু ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। এনেকুৱা কৰিলে তেওঁৰ কোনো ক্ষতি নহ'ব। মহান আল্লাহে এই পদ্ধতিটোক বেয়া সপোনৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণ বনাইছে।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality