Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 47 languages
«আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট বৰ্ণনা দিছে যে, সেই ব্যক্তি সাফল্যমণ্ডিত হৈছে, যিয়ে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছে, ফলত আল্লাহে তাক হিদায়ত দিছে আৰু ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছে। লগতে প্ৰয়োজন অনুসৰি তাক হালাল জীৱিকা প্ৰদান কৰিছে, বেছিও নহয় কমো নহয়। লগতে সেই ব্যক্তিজনে আল্লাহে প্ৰদান কৰা জীৱিকাত সন্তুষ্ট হৈছে।

Source
(মুছলিম)
Download image

Saved at original quality