Hadith for the World
জীৱনী আৰু ইতিহাস

নবী জীৱনী

34 hadiths

34 hadiths

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن عمر رضي الله عنهما «أنَّ رسُول الله -صلَّى الله عليه وسلَّم- دَخَل مكَّة مِن كَدَاٍء، مِن الثَنِيَّة العُليَا التِّي بالبَطحَاءِ، وخرج من الثَنِيَّة السُفلَى».متفق عليه
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাল্লাহু আলাইহি অছাল্লামক কেতিয়াও আলজিভা দেখিব পৰাকৈ উচ্চ স্বৰত হাঁহি থকা দেখা নাই। বৰং তেখেতে সদায় মিচিকিয়া হাঁহিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত তেওঁৰ ওচৰলৈ আহি ক'লেঃ "আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عائشة رضي الله عنها قالت: كَانَ كَلاَمُ رَسُولِ الله -صلَّى الله عليه وسلَّم- كَلاَمًا فَصلاً يَفْهَمُهُ كُلُّ مَنْ يَسْمَعُهُ.رواه أبو داود واللفظ له، والتُرمذي والنسائي وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি মুমিনসকলৰ ওপৰত - অথবা মোৰ উম্মতৰ ওপৰত- কষ্টকৰ নহ'লহেঁতেন তেন্তে মই তেওঁলোকক প্ৰত্যেক নামাজৰ সময়তে মিছৱাক কৰাৰ নিৰ্দেশ দিলোঁহেঁতেন।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”(আহমদ)
আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি গুহাত আত্মগোপন কৰি থকা অৱস্থাত যেতিয়া আমাৰ মূৰৰ ওপৰত মুশ্বৰিকসকলৰ ভৰি দেখা পালোঁ, তেতিয়া মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! সিহঁতৰ মাজৰ কোনোবাই যদি নিজৰ ভৰিৰ ফালে লক্ষ্য কৰে তেতিয়া দেখোন আমাক দেখা পাব। তেতিয়া তেখেতে ক'লেঃ "হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যাৰ তৃতীয়জন হৈছে আল্লাহ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أنس بن مالك رضي الله عنه أَنَّ النَبيَّ -صلَّى الله عليه وسلَّم- كَان إِذَا تَكَلَّمَ بِكَلِمَةٍ أَعَادَهَا ثَلاَثًا حَتَّى تُفْهَمَ عَنْهُ، وَإِذَا أَتَى عَلَى قَوْمٍ فَسَلَّمَ عَلَيهِم سَلَّمَ عَلَيهِم ثَلاَثًا.رواه البخاري
عن أبي هريرة رضي الله عنه : أن رجلًا أتى النبي صلى الله عليه وسلم يَتَقَاضَاهُ فَأغْلَظَ له، فَهَمَّ به أصحابه، فقال رسول الله صلى الله عليه وسلم : «دَعُوه، فإن لِصَاحب الحَقِّ مَقَالا» ثم قال: «أعْطُوهُ سِنًّا مِثْل سِنِّهِ» قالوا: يا رسول الله، لا نَجِدُ إلا أمْثَلَ مِنْ سِنِّهِ، قال: «أعْطُوه، فإن خَيْرَكم أحْسَنُكُم قَضَاء».متفق عليه
عن عائشة رضي الله عنها قالت: قَدِمَ نَاسٌ مِنَ الأَعْرَابِ عَلَى رَسُولِ اللهِ صلى الله عليه وسلم فقالوا: أَتُقَبِّلُونَ صِبْيَانَكُمْ؟ فقال: «نعم» قالوا: لَكِنَّا واللهِ ما نُقَبِّلُ! فقال رسولُ اللهِ صلى الله عليه وسلم : «أَوَ أَمْلِكُ إن كانَ اللهُ نَزَعَ مِنْ قُلُوبِكُم الرَّحْمَةَ!».متفق عليه
عن عائشة رضي الله عنها قالت: كان رسولُ اللهِ صلى الله عليه وسلم إذا فَاتَتْهُ الصَّلَاةُ مِنَ الليلِ مِن وَجَعٍ أَوْ غَيْرِهِ، صَلَّى من النَّهَارِ ثِنْتَيْ عَشْرَةَ رَكْعَةً.رواه مسلم
عن أنس رضي الله عنه قَالَ: كُنْتُ أمشي مَعَ رسول الله صلى الله عليه وسلم وَعَلَيْهِ بُرْد نَجْرَانيٌّ غَلِيظُ الحَاشِيَةِ، فأدْرَكَهُ أعْرَابِي فَجَبذَهُ بِرِدَائِهِ جَبْذَة شَديدة، فَنَظَرْتُ إِلَى صَفْحَةِ عَاتِقِ النَّبيِّ صلى الله عليه وسلم وَقَدْ أثَّرَتْ بِهَا حَاشِيَة الرِّدَاءِ مِنْ شِدَّةِ جَبْذَتِه، ثُمَّ قَالَ: يَا مُحَمَّدُ، مُر لِي مِنْ مَالِ اللهِ الَّذِي عِنْدَكَ. فَالتَفَتَ إِلَيْهِ، فَضَحِكَ ثُمَّ أَمَرَ لَهُ بِعَطَاءٍ.متفق عليه
عن أبي سعيد الخدري رضي الله عنه مرفوعاً: أنَّ ناسًا من الأنصارِ سألوا رسولَ الله - صلى الله عليه وسلم - فأعطاهم، ثم سألوه فأعطاهم، حتى نَفِدَ ما عنده، فقال لهم حين أنفقَ كلَّ شيءٍ بيده: «ما يَكُنْ عندي من خيرٍ فلن أَدَّخِرَهُ عَنْكُم، ومَنْ يَسْتَعْفِفْ يُعِفِّهُ اللهُ، ومَنْ يَسْتَغْنِ يُغْنِهِ اللهُ، ومَنْ يَتَصَبَّرْ يُصَبِّرْهُ اللهُ. وما أُعْطِيَ أَحَدٌ عطاءً خَيرًا وأَوسع من الصبرِ».متفق عليه
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।(বুখাৰী)
عن أنس رضي الله عنه ، قَالَ: مَا مَسِسْتُ دِيبَاجاً وَلاَ حَرِيراً ألْيَنَ مِنْ كَفِّ رسولِ اللهِ صلى الله عليه وسلم ، وَلاَ شَمَمْتُ رَائِحَةً قَطُّ أطْيَبَ مِنْ رَائِحَةِ رسولِ اللهِ صلى الله عليه وسلم ، وَلَقَدْ خدمتُ رسول اللهِ صلى الله عليه وسلم عَشْرَ سنين، فما قَالَ لي قَطُّ: أُفٍّ، وَلاَ قَالَ لِشَيءٍ فَعَلْتُهُ: لِمَ فَعَلْتَه؟، وَلاَ لشَيءٍ لَمْ أفعله: ألاَ فَعَلْتَ كَذا؟.متفق عليه. تنبيه: أخرجه البخاري ومسلم في حديثسن متفرقين في موضعين
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ লোৱা নাছিল। কিন্তু যদি আল্লাহৰ সীমাৰেখা কোনোবাই লংঘন কৰিছিল তেন্তে তেনে ক্ষেত্ৰত আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عائشة رضي الله عنها قالت: لمَّا رجعَ النبيُّ صلى الله عليه وسلم من الخَنْدَق، ووَضَعَ السِّلاحَ واغتسل، أتاه جِبْريلُ -عليه السلام-، فقال: «قد وضعتَ السِّلاحَ؟ واللهِ ما وضَعْناه، فاخرُج إليهم قال: فإلى أيْنَ؟ قال: ها هُنا، وأشار إلى بَنِي قُرَيْظَةَ، فخرج النبيُّ صلى الله عليه وسلم إليهم».متفق عليه
عن أنس رضي الله عنه قال: «كأنِّي أنظر إلى الغُبار ساطِعًا في زُقَاق بني غَنْم، مَوْكبَ جبريلَ -صلوات الله عليه- حين سار رسولُ الله صلى الله عليه وسلم إلى بني قُرَيْظَة».رواه البخاري