AS
জিহাদ
জিহাদৰ বৈশিষ্ট্য
4 hadiths
জিহাদৰ ফজীলত
11
জিহাদৰ বৈশিষ্ট্য
4
أحكام الهدنة والأمان
1
4 hadiths
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত পোৱা গ'ল, সেয়া দেখি তেখেতে নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষিদ্ধ ঘোষণা কৰিলে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن أبي أوفى رضي الله عنه أَنَّ رسول الله صلى الله عليه وسلم فِي بَعْض أَيَّامه التي لَقِي فيها العدو انتظر، حتى إذا مَالَتِ الشمس قام فِيهم، فقال: «أَيُّها الناس، لا تَتَمَنَّوْا لِقَاء الْعَدُوِّ، وَاسْأَلوا الله الْعافية فَإِذا لَقِيتموهم فَاصْبِرُوا، وَاعلموا أَنَّ الْجَنَّة تحت ظِلال السُّيوف ثُمَّ قَال النَّبِي صلى الله عليه وسلم: اللهمَّ مُنزِلَ الْكتاب، وَمُجْرِيَ السَّحاب، وَهازم الأَحْزاب: اهْزِمهم، وَانصُرنا علَيهم».
متفق عليه
আবু মূছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, কিছুমানে বীৰত্ব প্ৰদৰ্শনৰ বাবে যুদ্ধ কৰে, আন কিছুমানে বংশীয় আভিজাত্যৰ কাৰণে যুদ্ধ কৰে, আকৌ কিছুমানে লোকক দেখুৱাবলৈ যুদ্ধ কৰে, ইয়াৰ মাজৰ কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ বুলি গণ্য কৰা হ'ব? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})