ফজীলত আৰু শিষ্টাচাৰসমূহ
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 65 languages
«আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।»Meaning translation ·
Saved at original quality








