AS
আখলাক্ব সম্পৰ্কীয় বিজ্ঞান
প্ৰশংসনীয় চৰিত্ৰসমূহ
35 hadiths
প্ৰশংসনীয় চৰিত্ৰসমূহ
35
নিন্দনীয় স্বভাৱসমূহ
21
35 hadiths
ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।
(মুছলিম)
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
(আবু দাঊদ, আহমদ)
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"
(বুখাৰী)
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عَن أَبي هُرَيْرَةَ، قَالَ: قَامَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي صَلاَةٍ وَقُمْنَا مَعَهُ، فَقَالَ أَعْرَابِيٌّ وَهُوَ فِي الصَّلاَةِ: اللَّهُمَّ ارْحَمْنِي وَمُحَمَّدًا، وَلاَ تَرْحَمْ مَعَنَا أَحَدًا. فَلَمَّا سَلَّمَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ لِلْأَعْرَابِيِّ: «لَقَدْ حَجَّرْتَ وَاسِعًا» يُرِيدُ رَحْمَةَ اللهِ.
رواه البخاري
عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: سَمِعْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «إِنَّ اللَّهَ قَالَ: إِذَا ابْتَلَيْتُ عَبْدِي بِحَبِيبَتَيْهِ فَصَبَرَ، عَوَّضْتُهُ مِنْهُمَا الجَنَّةَ» يُرِيدُ: عَيْنَيْهِ.
رواه البخاري
Previous page
Page 2 of 2