Hadith for the World
তাহাৰাত বা পৱিত্ৰতা

স্বভাৱগত ছুন্নতসমূহ

3 hadiths

3 hadiths

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।(মুছলিম)