Hadith for the World
নাম আৰু বিধি-বিধান

ইছলাম

3 hadiths

3 hadiths

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।(মুছলিম)