Hadith for the World
নাম আৰু বিধি-বিধান

ঈমানৰ শাখা-প্ৰশাখাসমূহ

3 hadiths

3 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৎকৰ্ম যিমান পাৰা সোনকালে কৰা, কাৰণ ফিতনা অন্ধকাৰ ৰাতিৰ টুকুৰাৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহি আছে। পুৱাৰ ভাগত যদি কোনোবাই ঈমান পোষণ কৰে, সন্ধিয়া নহওঁতেই সি কাফিৰত পৰিণত হ'ব। অথবা যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই সি কাফিৰ হৈ যাব। পৃথিৱীৰ তুচ্ছ সামগ্ৰীৰ কাৰণে সি নিজৰ ঈমান বিক্ৰী কৰিব।"(মুছলিম)
عن أبي هريرة رضي الله عنه مرفوعاً: «الإيمانُ بِضْعٌ وَسَبْعُونَ أو بِضْعٌ وسِتُّونَ شُعْبَةً: فَأَفْضَلُهَا قَوْلُ: لا إله إلا الله، وَأَدْنَاهَا إِمَاطَةُ الأَذَى عَنِ الطَّرِيقِ، وَالحَيَاءُ شُعْبَةٌ مِنَ الإِيمَانِ».متفق عليه
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)