Hadith for the World
নাম আৰু বিধি-বিধান

শ্বিৰ্ক

4 hadiths

4 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।(আহমদ)
মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”(আহমদ)
আব্দুল্লাহ ইবনে আমৰ ইবনিল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, “যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।” ছহীহ – এই হাদীছটোক আহমদে বর্ণনা কৰিছে।(আহমদ)
বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"(আবু দাঊদ, আহমদ)