AS
All hadiths
The complete card collection, filter by chapter
আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান
26
হাদীছ আৰু হাদীছ সম্পৰ্কীয় বিবিধ জ্ঞান
3
আক্বীদাহ
135
ফিকহ আৰু উচুলে ফিক্হ
288
ফজীলত আৰু শিষ্টাচাৰসমূহ
288
আল্লাহৰ প্ৰতি আহ্বান আৰু সংস্কাৰমূলক বিষয়
15
জীৱনী আৰু ইতিহাস
38
655 hadiths
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?" তেওঁলোকে ক'লে, তাৰ দেহত নিশ্চিতৰূপে কোনো ময়লা নাথাকিব। তেতিয়া তেখেতে ক'লেঃ "এইটোৱে হৈছে পাঁচ ওৱাক্ত নামাজৰ উদাহৰণ। ইয়াৰ মাধ্যমত আল্লাহে বান্দাৰ গুনাহসমূহ মচি দিয়ে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عائشة رضي الله عنها قالت: « خَسَفَتِ الشمس على عهد رسول الله صلى الله عليه وسلم فصَلَّى رسول الله صلى الله عليه وسلم بالناس. فأطال القيام، ثم ركع، فأطال الركوع، ثم قام، فأطال القيام -وهو دون القيام الأول- ثم ركع، فأطال الركوع -وهو دون الركوع الأول- ثم رفع فأطال القيام -وهو دون القيام الأول- ثم سجد، فأطال السجود، ثم فعل في الركعة الأخرى مثل ما فَعَل في الرَّكعة الأولى، ثم انصرف، وقد تَجَلَّتْ الشمس، فخَطَب الناس، فحَمِد الله وأَثْنَى عليه، ثُمَّ قال: إِنَّ الشَّمس والقمَر آيَتَان مِن آيات الله، لا ينْخَسِفَانِ لموت أحد ولا لِحَيَاته، فَإِذا رَأَيتُم ذلك فَادْعُوا اللَّه وكَبِّرُوا ، وصَلُّوا وتَصَدَّقُوا. ثم قال: يا أُمَّة مُحمَّد، واللهِ ما من أحد أغْيَرُ من الله أن يَزْنِيَ عبده أو تَزْنِيَ أَمَتُهُ. يا أُمَّةَ محمد، والله لو تعلمون ما أعلم لَضَحِكْتُمْ قليلا ولَبَكَيْتم كثيرا». وفي لفظ: «فاسْتَكَمَل أَرْبَع رَكَعَاتٍ وَأَرْبَع سَجَدَاتٍ».
متفق عليه
عن عائشة رضي الله عنها قالت: «من كلِّ الليل أَوْتَرَ رسول الله صلى الله عليه وسلم : من أول الليل، وأوسطه، وآخره، وانتهى وِتْرُهُ إلى السَّحَرِ».
متفق عليه
আমৰ বিন শ্বুআইবে তেওঁৰ পিতৃ (শ্বুআইব)ৰ পৰা আৰু তেওঁ শ্বুআইবৰ দাদা (আব্দুল্লাহ বিন আমৰ)ৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
(আবু দাঊদ)
عن عبد الله بن زيد بن عَاصِم المازِنِي رضي الله عنه قال: «خرج النبي صلى الله عليه وسلم يَسْتَسْقِي، فتَوَجَّه إلى القبلة يدْعو، وحَوَّل رِدَاءه، ثم صلَّى ركعتين، جَهَرَ فيهما بالقِراءة». وفي لفظ «إلى الْمُصَلَّى».
متفق عليه
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"
(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে।” প্রশ্ন কৰা হ'ল, মই আলোচনা কৰা বিষয়টো যদি সঁচাকৈয়ে তাৰ মাজত থাকে (তথাপিও সেইটো গীবত হ'বনে)? উত্তৰত তেখেতে ক'লে: “তুমি তাৰ বিষয়ে যি আলোচনা কৰিছা সেইটো যদি তাৰ মাজত থাকে তেনেহ'লে তুমি তাৰ গীবত কৰিলা। আনহাতে যদি সেইটো তাৰ মাজত নাথাকে তেনেহ'লে তুমি তাৰ প্রতি অপবাদ আৰোপ কৰিলা।”
(মুছলিম)
عن ابن عمر رضي الله عنهما مرفوعا: «الظلم ظلمات يوم القيامة». عن جابر رضي الله عنهما مرفوعا: «اتقوا الظلم، فإن الظلم ظلمات يوم القيامة، واتقوا الشُّحَ؛ فإنه أَهْلَكَ من كان قبلكم».
حديث ابن عمر -رضي الله عنهما-: متفق عليه. حديث جابر -رضي الله عنه-: رواه مسلم
খাওলাহ আল-আনচাৰিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই শুনিছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।"
(বুখাৰী)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা। কাৰো দোষ অনুসন্ধান নকৰিবা আৰু কাৰো ত্ৰুটি অনুসন্ধান কৰিবলৈ গুপ্তচৰগিৰি নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, সম্পৰ্কচ্ছেদ নকৰিবা, ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ নকৰিবা, বৰং তোমালোক আটায়ে আল্লাহৰ বান্দা হিচাপে ভাতৃবন্ধত আৱদ্ধ হৈ যোৱা।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن مسعود رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : "إذا كنتم ثلاثة فلا يتناجى اثنان دون الآخَر، حتى تختلطوا بالناس؛ من أجل أن ذلك يحُزنه".
متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “প্রত্যেক আদম সন্তানেই পাপী। কিন্তু এই পাপীসকলৰ মাজত উত্তম হৈছে সেইসকল, যিসকলে তাওবা কৰে।” হাছান – এই হাদীছটোক ইবনে মাজাই বৰ্ণনা কৰিছে।
(ইবনে মাজাহ) - (তিৰমিজী) - (আহমদ) - ইয়াক দাৰিমীয়ে বৰ্ণনা কৰিছে
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক উদ্দেশ্যি কৈছিলঃ কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।
(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعاً: "لِيُسَلِّمِ الصغيرُ على الكبيرِ، والمارُّ على القاعدِ، والقليلُ على الكثيرِ" وفي رواية: "والراكبُ على الماشي".
متفق عليه
আবু মাছঊদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”
(মুছলিম)
عن علي بن أبي طالب رضي الله عنه مرفوعاً: «إذا انْتَعَل أحدكم فليبدأ باليمين، وإذا نَزَعَ فليبدأ بالشمال، ولْتَكُن اليُمنى أولَهُما تُنْعَل، وآخِرَهُما تُنْزَع».
متفق عليه
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن عمرو بن العاص رضي الله عنهما مرفوعاً: "كُلُوا، وَاشْرَبُوا، وَتَصَدَّقُوا، وَالْبَسُوا، غَيْرَ مَخِيلَة، وَلَا سَرَف".
رواه ابن ماجه والإمام أحمد، وذكره البخاري في صحيحه تعليقًا مجزومًا به
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে।
(বুখাৰী)
Previous page
Page 11 of 28
Next page