Hadith for the World

All hadiths

The complete card collection, filter by chapter

655 hadiths

উবাইদুল্লাহ বিন মিহচান আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।"(তিৰমিজী, ইবনে মাজাহ)
عن أبي هريرة رضي الله عنه مرفوعاً: «إذا أَمَّنَ الإمام فأمنوا، فإنه من وافق تأمينه تأمين الملائكة: غفر له ما تقدم من ذنبه».متفق عليه
عن عائشة رضي الله عنها : أن النبي صلى الله عليه وسلم دخل عليها وعندها امرأة، قال: «من هذه؟» قالت: هذه فلانة تذكر من صلاتها. قال: «مَهْ، عليكم بما تطيقون، فوالله لا يَمَلُّ الله حتى تَمَلُّوا» وكان أحب الدين إليه ما داوم صاحبه عليه.متفق عليه
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ঝায়েদ ইবনে আৰক্বাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই তোমালোকক তেনেকৈয়ে কম যিদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল, তেখেতে এইদৰে পাঠ কৰিছিলঃ "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।(মুছলিম)
عن أنس رضي الله عنه أن رسول الله صلى الله عليه وسلم كان إذا أوى إلى فراشه، قال: «الحمد لله الذي أطعمنا وسقانا، وكفانا وآوانَا، فَكَمْ مِمَّنْ لا كَافِيَ له وَلاَ مُؤْوِيَ».رواه مسلم
عن أبي هريرة-رضي الله عنه مرفوعاً: «اللهم إني أعوذ بك من الجوع، فإنه بِئْسَ الضَّجِيعُ،وأعوذُ بِكَ منَ الخِيَانَةِ، فَإنَّهَا بِئْسَتِ البِطَانَةُ».رواه أبو داود والنسائي وابن ماجه
উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعًا: «بينما رجل يمشي في حُلَّةٍ تُعْجِبُهُ نَفْسُهُ، مُرَجِّلٌ رأسه، يَخْتَالُ في مَشْيَتهِ، إذ خَسَفَ اللهُ به، فهو يَتَجَلْجَلُ في الأرض إلى يوم القيامة".متفق عليه
عن أبي هريرة رضي الله عنه مرفوعًا: «تُعْرَضُ الأعمالُ يومَ الاثنين والخميس، فَأُحِبُّ أَنْ يُعْرَضَ عَملي وأنا صائم». وفي رواية: «تُفْتَحُ أبوابُ الجَنَّةِ يومَ الاثنين والخميس، فَيُغْفَرُ لكلِّ عبد لا يُشْرِكُ بالله شيئا، إِلا رجلا كان بينه وبين أخيه شَحْنَاءُ، فَيُقَالُ: أَنظِروا هذيْن حتى يَصْطَلِحَا، أنظروا هذين حتى يصطلحا». وفي رواية: «تُعْرَضُ الأَعْمَالُ في كلِّ اثْنَيْنِ وَخَميسٍ، فَيَغْفِرُ اللهُ لِكُلِّ امْرِئٍ لا يُشْرِكُ بالله شيئاً، إِلاَّ امْرَءاً كانت بينه وبين أخِيهِ شَحْنَاءُ، فيقول: اتْرُكُوا هذَيْنِ حتى يَصْطَلِحَا».حديث أبي هريرة الأول رواه الترمذي. والحديثان الآخران هما حديث واحد، رواه مسلم، وكرر لفظة: "أنظروا هذين حتى يصطلحا" ثلاثاً
উচমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।"(বুখাৰী)
عن أنس بن مالك رضي الله عنه قال: كان رسول الله صلى الله عليه وسلم يقول: «اللهم إني أعوذ بك من العَجْزِ، والكَسَلِ، وَالجُبْنِ، والهَرَمِ، والبخل، وأعوذ بك من عذاب القبر، وأعوذ بك من فتنة المحيا والممات». وفي رواية: «وَضَلَعِ الدَّيْنِ، وَغَلَبَةِ الرِّجَالِ».متفق عليه. والرواية الثانية رواها البخاري دون مسلم
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছেঃ "কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।"(মুছলিম)
খাওলা বিন্তে হাকীম আচ-ছুলামিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।"(মুছলিম)
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছেঃ "যি ব্যক্তিয়ে গণকৰ ওচৰলৈ গৈ তাক কিবাকিবি সোধে আৰু সেই গণকৰ কথাক বিশ্বাস কৰে। চল্লিশ দিনলৈ সেই ব্যক্তিৰ চালাত (নামাজ) কবুল নহয়।"(মুছলিম)
عن عائشة رضي الله عنها أنّ رسولَ اللهِ صلى الله عليه وسلم كانَ يقول في ركوعه وسجودِه: «سبُّوحٌ قُدُّوسٌ رَبُّ المَلاَئِكَةِ وَالرُّوحِ».رواه مسلم
عن أبي هريرة رضي الله عنه مرفوعاً: «إنما جُعِلَ الإمام ليِؤُتَمَّ به، فلا تختلفوا عليه، فإذا كبر فكبروا، وإذا ركع فاركعوا، وإذا قال: سمع الله لمن حمده، فقولوا: ربنا ولك الحمد. وإذا سجد فاسجدوا، وإذا صلى جالسا فصلوا جلوسا أجمعون».متفق عليه
عن أبي هريرة رضي الله عنه مرفوعاً: «إذا أوى أحدكم إلى فراشه فَليَنْفُضْ فِرَاشَهُ بِدَاخِلَةِ إزَارِهِ فإنَّهُ لا يدري ما خلفه عليه، ثم يقول: باسمك ربي وضعت جنبي، وبك أرفعه، إن أمسكت نفسي فارحمها، وإن أرسلتها، فاحفظها بما تحفظ به عبادك الصالحين».متفق عليه
عن أبي هريرة رضي الله عنه مرفوعاً: «تعوذوا بالله من جَهْدِ البلاء، وَدَرَكِ الشقاء، وسوء القضاء، وشماتة الأعداء». وفي رواية قال سفيان: أشك أني زدت واحدة منها.متفق عليه
عن أنس بن مالك رضي الله عنه قال: كَانَ رَسُولُ اللهِ -صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ- يَقُولُ: «اللهم إني أعوذ بك من البَرَصِ، والجُنُونِ، والجُذَامِ، وَسَيِّئِ الأسْقَامِ».رواه أبو داود والنسائي وأحمد
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “আটাইতকৈ ডাঙৰ কবীৰাহ গুনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা নিৰাপদ বুলি ভবা, আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা আৰু আল্লাহৰ প্রশস্ততাৰ পৰা হতাশ হোৱা।”আব্দুৰ ৰাজ্জাকে বৰ্ণনা কৰে
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"(আবু দাঊদ, তিৰমিজী, নাছায়ী)