Hadith for the World

All hadiths

The complete card collection, filter by chapter

655 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"(তিৰমিজী, ইবনে মাজাহ, আহমদ)
عن أنس رضي الله عنه أنه قَالَ لِثابِتٍ رحمه اللهُ: ألاَ أرْقِيكَ بِرُقْيَةِ رسولِ اللهِ صلى الله عليه وسلم ؟ قال: بلى، قال: «اللَّهُمَّ رَبَّ النَّاسِ، مُذْهِبَ البَأسِ، اشْفِ أنْتَ الشَّافِي، لاَ شَافِيَ إِلاَّ أنْتَ، شِفَاءً لاَ يُغَادِرُ سَقماً».رواه البخاري
ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।(মুছলিম)
عن ثوبان رضي الله عنه عن النبي صلى الله عليه وسلم قَالَ: "إنَّ المسلِمَ إذا عادَ أخاه المسلِمَ، لم يَزَلْ في خُرْفَةِ الجَنَّةِ حتى يرجعَ"، قيل: يا رسولَ اللهِ ما خُرْفَةُ الجنَّةِ؟، قال: "جَنَاها".رواه مسلم
عن أنس بن مالك رضي الله عنه عن رسول الله صلى الله عليه وسلم أنه كان إذا أكل طعاما، لعق أصابعه الثلاث. قال: وقال: «إذا سقطت لُقمة أحدكم فليُمِطْ عنها الأذى، وليأكلها ولا يَدَعْهَا للشيطان» وأمر أن تُسْلَتَ القَصْعَةُ، قال: «فإنكم لا تدرون في أيِّ طعامكم البركة» وعن جابر بن عبد الله رضي الله عنه أن رسولَ اللهِ صلى الله عليه وسلم قالَ: "إنّ الشيطانَ يَحضُرُ أحدَكُم عندَ كلِ شيءٍ من شَأنِه، حتى يَحضُرَهُ عندَ طعامِهِ، فإذا سَقطتْ لقمةُ أحدِكُم فليَأخُذْها فَلْيُمِطْ ما كانِ بها من أذى، ثم ليَأكُلْها ولا يَدَعْها للشيطانِ، فإذا فَرَغَ فليَلْعَقْ أصابعَهُ، فإنه لا يَدري في أيِّ طَعامه البركة"حديث أنس رواه مسلم. حديث جابر رواه مسلم
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أنسٍ رضي الله عنه : أنّهُ مَرَّ على صِبْيَانِ، فَسَلَّمَ عليهم، وقالَ: كانَ النبيُّ صلى الله عليه وسلم يَفعلُهُ.متفق عليه
عن أبي هريرة رضي الله عنه مرفوعاً: «من عُرِضَ عليه رَيْحَانٌ فلا يرده، فإنه خفيف الْمَحْمِلِ، طيب الريح».رواه مسلم
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে অন্যায়-অত্যাচাৰৰ পৰা বিৰত থাকা, কাৰণ কিয়ামতৰ দিনা অন্য়ায়-অত্যাচাৰ গভীৰ অন্ধকাৰৰূপে আগমন কৰিব। লগতে তোমালোকে কৃপণতা পৰিত্যাগ কৰা, কাৰণ কৃপণতাই তোমালোকৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰিছে। সিহঁতক ইজনে সিজনৰ তেজ প্ৰবাহিত কৰিবলৈ আৰু হাৰামক হালাল বুলি গণ্য কৰিবলৈ উৎসাহিত কৰিছিল।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।(মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।(মুছলিম)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।(মুছলিম)
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।(আবু দাঊদ, আহমদ)
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।"(মুছলিম)
عن أبي موسى الأشعري رضي الله عنه مرفوعاً: «على كل مسلم صدقة» قال: أرأيت إن لم يجد؟ قال: «يعمل بيديه فينفع نفسه ويتصدق» قال: أرأيت إن لم يستطع؟ قال: «يُعِينُ ذا الحاجة المَلْهُوفَ» قال: أرأيت إن لم يستطع، قال: «يأمر بالمعروف أو الخير». قال: أرأيت إن لم يفعل؟ قال: «يُمسك عن الشر، فإنها صدقة».متفق عليه
উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})