Hadith for the World
ফজীলত আৰু শিষ্টাচাৰসমূহ

হৃদয়গ্ৰাহী উপদেশ তথা নছিহত

63 hadiths

63 hadiths

আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঈদুল আজহা অথবা ঈদুল ফিতৰত ঈদগাহলৈ আহিল। তাত তেখেতে নাৰীসকলৰ ওচৰলৈ গৈ ক'লেঃ "হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭)(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عياض بن حمار المجاشعي رضي الله عنه ، أن رسول الله صلى الله عليه وسلم ، قال ذات يوم في خطبته: «ألَا إن ربي أمرني أن أُعَلِّمَكم ما جَهِلتم، ممَّا علَّمني يومي هذا، كلُّ مالٍ نَحَلتُه عبدًا حلال، وإني خلقتُ عبادي حُنَفاء كلهم، وإنهم أتتهم الشياطين فاجتالتهم عن دينهم، وحَرَّمت عليهم ما أحللتُ لهم، وأمرتهم أن يُشركوا بي ما لم أُنزِّل به سلطانا، وإن الله نظر إلى أهل الأرض، فمَقَتهم عربهم وعَجَمهم، إلَّا بقايا من أهل الكتاب، وقال: إنما بعثتُك لأبتليَك وأبتلي بك، وأنزلتُ عليك كتابًا لا يغسله الماءُ، تقرؤه نائمًا ويقظان، وإنَّ اللهَ أمرني أن أحرِق قُرَيشًا، فقلت: رب إذا يَثْلُغوا رأسي فيدعوه خُبْزة، قال: استخرجهم كما استخرجوك، واغزهم نُغزك، وأنفق فسننفق عليك، وابعث جيشا نبعث خمسة مثله، وقاتل بمن أطاعك مَن عصاك، قال: وأهل الجنة ثلاثة ذو سلطان مُقْسِط مُتَصَدِّق مُوَفَّق، ورجل رحيم رقيق القلب لكل ذي قربى ومسلم، وعفيف متعفِّف ذو عيال، قال: وأهل النار خمسة: الضعيف الذي لا زَبْر له، الذين هم فيكم تبعا لا يبتغون أهلا ولا مالا، والخائن الذي لا يخفى له طمع، وإن دقَّ إلا خانه، ورجل لا يُصبح ولا يمسي إلا وهو يخادعك عن أهلك ومالك «وذكر» البخل أو الكذب والشِّنظير الفحَّاش».رواه مسلم
عن عبد الله بن عمر رضي الله عنهما أنَّ رسول الله صلى الله عليه وسلم قال: «عُذِّبت امرأة في هِرَّة سَجَنَتْها حتى ماتت، فدخلت فيها النار، لا هي أطعمتها ولا سَقتها، إذ حبستها، ولا هي تَركتْها تأكل مِن خَشَاشِ الأرض».متفق عليه
عن أبي هريرة عن النبي صلى الله عليه وسلم قال: «لعن الله السارق، يسرق البَيْضَةَ فَتُقْطَعُ يده، ويسرِقُ الحَبْلَ فَتُقْطَعُ يَدُهُ».متفق عليه
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)
ছুফিয়ান বিন আব্দুল্লাহ আচ-ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"(মুছলিম, আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن ابن عباس حسبنا الله ونعم الوكيل: «قالها إبراهيم عليه السلام حين أُلقي في النار، وقالها محمد صلى الله عليه وسلم حين قالوا: {إن الناس قد جمعوا لكم فاخشوهم فزادهم إيمانا، وقالوا: حسبنا الله ونعم الوكيل} [آل عمران: 173]».رواه البخاري
عن جابر قال: قال رسول الله صلى الله عليه وسلم: «إذا قضى أحدكم الصلاة في مسجده فليجعل لبيته نصيبًا من صلاته، فإن الله جاعلٌ في بيته من صلاته خيرًا».رواه مسلم
উম্মে ছালামাহ উম্মুল মুনিনীন ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।" উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, আবু ছালামাতকৈ উত্তম আৰুনো কাক পাম? তেৱেঁই প্ৰথম ব্যক্তি যিয়ে সপৰিয়ালে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ হিজৰত কৰিছিল। ইয়াৰ পিছতো মই দুআটো নিয়মিত পাঠ কৰিলোঁ, ফলত আল্লাহে মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে স্বামী দান কৰিলে।(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।"(বুখাৰী)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ آمَنَ بِاللَّهِ وَبِرَسُولِهِ، وَأَقَامَ الصَّلاَةَ، وَصَامَ رَمَضَانَ كَانَ حَقًّا عَلَى اللَّهِ أَنْ يُدْخِلَهُ الجَنَّةَ، جَاهَدَ فِي سَبِيلِ اللَّهِ أَوْ جَلَسَ فِي أَرْضِهِ الَّتِي وُلِدَ فِيهَا»، فَقَالُوا: يَا رَسُولَ اللَّهِ، أَفَلاَ نُبَشِّرُ النَّاسَ؟ قَالَ: «إِنَّ فِي الجَنَّةِ مِائَةَ دَرَجَةٍ، أَعَدَّهَا اللَّهُ لِلْمُجَاهِدِينَ فِي سَبِيلِ اللَّهِ، مَا بَيْنَ الدَّرَجَتَيْنِ كَمَا بَيْنَ السَّمَاءِ وَالأَرْضِ، فَإِذَا سَأَلْتُمُ اللَّهَ فَاسْأَلُوهُ الفِرْدَوْسَ، فَإِنَّهُ أَوْسَطُ الجَنَّةِ وَأَعْلَى الجَنَّةِ -أُرَاهُ- فَوْقَهُ عَرْشُ الرَّحْمَنِ، وَمِنْهُ تَفَجَّرُ أَنْهَارُ الجَنَّةِ».رواه البخاري