Hadith for the World

All hadiths

The complete card collection, filter by chapter

655 hadiths

عن عمرو بن شعيب، عن أبيه، عن جده قال: قال رسول الله صلى الله عليه وسلم : «يَدُ المسلمين على مَن سِواهم، تَتَكافَأُ دِماؤهم وأموالُهم، ويُجِيرُ على المسلمين أدْناهم، ويَرُدُّ على المسلمين أَقْصَاهم».رواه أبو داود وابن ماجه وأحمد
عن عائشة رضي الله عنها : أنّ قومًا قالوا: يا رسول الله إنّ قومًا يأتوننا باللحم لا نَدري أَذَكروا اسمَ الله عليه أم لا، فقال رسول الله صلى الله عليه وسلم : «سَمُّوا الله عليه وكُلُوه».رواه البخاري
عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: «إن لله تِسْعَةً، وتِسْعِينَ، اسْمًا، مِائَةً إلا واحدا مَنْ أَحْصَاهَا دخل الجنة».متفق عليه
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ “তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”(মুছলিম)
আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”(মুছলিম)
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"(মুছলিম)
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।(মুছলিম)
ছুফিয়ান বিন আব্দুল্লাহ আচ-ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"(মুছলিম, আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে। তেখেতে কৈছেঃ তেতিয়া আল্লাহৰ আৰচ আছিল পানীৰ ওপৰত।(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
উবাই বিন কাআব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? আবুল মুনজিৰে কৈছেঃ মই ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে আকৌ ক'লেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।(মুছলিম)
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।(মুছলিম)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"। (ছুৰা ত্বাহাঃ ১৪)(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুমাইদ অথবা আবু উছাইদৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।(মুছলিম)
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।"(ইবনে হিব্বান)
ইবনে আবি আওফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)(মুছলিম)
উছমান ইবনে আবিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।(মুছলিম)