Hadith for the World
ফিকহ আৰু উচুলে ফিক্হ

ইবাদত সম্পৰ্কীয় ফিকহ

231 hadiths

231 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ জুমু‘আৰ দিনা ইমামে খুতবা দিয়াৰ সময়ত, যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈও কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن عُمَر رضي الله عنه قال: «اسْتَأْذَنَ الْعَبَّاسُ بن عَبْدِ الْمُطَّلِب رسول الله صلى الله عليه وسلم : أن يبيت بمكة ليالي مِنى، من أجل سِقَايَتِه فأذن له».متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জানাযা লৈ যোৱাৰ সময়ত তোমালোকে দ্ৰুত গতিত লৈ যাবা, কিয়নো যদি তেওঁ নেক ব্যক্তি হয় তেন্তে তোমালোকে তেওঁক কল্যাণৰ দিশত লৈ গৈ আছা, আৰু যদি তেওঁ বেলেগ কিবা হয় তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণ দূৰ কৰিলা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"(মুছলিম)
জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه». আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"(বুখাৰী)
عن أنس بن مالك رضي الله عنه قال: مرَّ النَّبي - صلى الله عليه وسلم - بامرَأَة تَبكِي عِند قَبرٍ، فقال: «اتَّقِي الله واصْبِري» فقالت: إليك عَنِّي؛ فَإِنَّك لم تُصَب بِمُصِيبَتِي ولم تَعرِفه، فقِيل لها: إِنَّه النَّبِي - صلى الله عليه وسلم - فأتت باب النبي - صلى الله عليه وسلم - فلم تجد عنده بوَّابِين، فقالت: لم أَعرِفكَ، فقال: «إِنَّما الصَّبرُ عِند الصَّدمَةِ الأُولَى». وفي رواية: «تَبكِي على صبِّي لها».متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।(আহমদ)
عن أبي هريرة رضي الله عنه مرفوعًا: «إِذَا لَبِسْتُم، وَإِذَا تَوَضَّأتُم، فَابْدَأُوا بَأَيَامِنُكُم».رواه أبو داود واللفظ له، والترمذي وابن ماجه وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه قال قال رسول الله صلى الله عليه وسلم : ((إن أمتي يُدْعَون يوم القيامة غُرًّا مُحَجَلِّين من آثار الوُضُوء)). فمن اسْتَطَاع منكم أن يُطِيل غُرَّتَه فَليَفعل. وفي لفظ لمسلم: ((رأَيت أبا هريرة يتوضَّأ، فغسل وجهه ويديه حتى كاد يبلغ المنكبين، ثم غسل رجليه حتى رَفَع إلى السَّاقين، ثم قال: سمعت رسول الله صلى الله عليه وسلم يقول: إنَّ أمتي يُدْعَون يوم القيامة غُرًّا مُحَجَّلِين من آثار الوُضُوء)) فمن استطاع منكم أن يطيل غُرَّتَه وتَحْجِيلَه فَليَفعَل. وفي لفظ لمسلم: سمعت خليلي صلى الله عليه وسلم يقول: ((تَبْلُغ الحِليَة من المؤمن حيث يبلغ الوُضُوء)).الرواية الأولى: متفق عليه. الرواية الثانية: رواها مسلم. الرواية الثالثة: رواها مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعًا: «صلاة الرجل في جماعة تَضعُفُ على صلاته في بيته وفِي سُوقِه خمسا وعشرين ضِعفًا، وذلك: أَنَّه إِذَا تَوَضَّأ، فَأَحسَن الوُضُوء، ثمَّ خرج إلى المسجد لاَ يُخرِجُهُ إلاَّ الصلاة؛ لَم يَخْطُ خُطوَةً إِلاَّ رُفِعَت له بِها درجة، وَحُطَّ عَنهُ بها خطيئة، فإذا صلَّى لم تزل الملائكة تُصَلِّي عليه، ما دام في مُصَلاَّه: اللهُمَّ صَلِّ عليه، اللهم اغفِر له، اللهم ارْحَمه، ولا يزال في صلاة ما انتظر الصلاة».متفق عليه
ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"رواه أبو داود والنسائي وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن عمرو بن العاص رضي الله عنهما أن رسول الله صلى الله عليه وسلم قال: «يَغْفِرُ الله للشَّهيد كُلَّ شيءٍ إلا الدَّين». وفي رواية له: «القَتْل في سَبِيل الله يُكَفِّر كلَّ شيءٍ إلا الدَّين».رواه مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।(মুছলিম)
শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।(মুছলিম)
عن ابن مسعود رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «أيُّكم مالُ وارثِه أحَبُّ إليه من مالَه؟» قالوا: يا رسول الله، ما منَّا أحد إلا مَالُه أحَبُّ إليه. قال: «فإن مالَه ما قدَّم، ومالُ وارثِه ما أخَّر».رواه البخاري