Hadith for the World
ফজীলত আৰু শিষ্টাচাৰসমূহ

চৰীয়তি শিষ্টাচাৰ

67 hadiths

67 hadiths

আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي واقد الحارث بن عوف رضي الله عنه أنَّ رسول الله صلى الله عليه وسلم بينما هو جالس في المسجد، والناس معه، إذ أقبل ثلاثَةُ نَفَرٍ، فأقبل اثنان إلى رسول الله، صلى الله عليه وسلم وذهب واحد، فوقفا على رسول الله صلى الله عليه وسلم ، فأما أحدهما فرأى فُرْجَةً في الْحَلْقَةِ فجلس فيها، وأما الآخر فجلس خلفهم، وأما الثالث فأدْبَر ذاهبٍا، فلما فرغ رسول الله صلى الله عليه وسلم قال: «ألا أُخْبِرُكُم عن النَّفَرِ الثلاثة: أما أحدهم فأَوَى إلى الله فآوَاهُ الله إليه، وأما الآخر فاسْتَحْيا فاسْتَحْيَا الله منه، وأما الآخر، فأعْرَضَ، فأعرضَ اللهُ عنه».متفق عليه
মুগীৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
كَانَ ابنُ عمرَ -رضِيَ الله عنهما- يَقُول لِلرَّجُل إِذَا أَرَادَ سَفَرًا: ادْنُ مِنِّي حَتَّى أُوَّدِعَكَ كَمَا كَان رسولُ الله -صلَّى الله عليه وسلَّم- يُوَدِّعُنَا، فَيقُول: «أَسْتَوْدِعُ الله دِينَكَ، وَأَمَانَتَكَ، وَخَوَاتِيمَ عَمَلِكَ». وعن عبد الله بن يزيد الخطمي رضي الله عنه- قال: كَانَ رسُول الله -صلَّى الله عليه وسلَّم- إِذَا أَرَادَ أَنْ يُوَدِّعَ الجَيشَ، قال: «أَسْتَودِعُ الله دِينَكُم، وَأَمَانَتَكُم، وخَوَاتِيمَ أَعْمَالِكُم».الحديث الأول: رواه أبو داود، والتَرمذي واللفظ له، وابن ماجه والنسائي في الكبرى وأحمد. الحديث الثاني: رواه أبو داود والنسائي الكبرى
عن عائشة رضي الله عنها أَنَّها سَأَلَت رسول الله صلى الله عليه وسلم عن الطَّاعُون، فَأَخبَرَها أَنَّه كَان عَذَابًا يَبعَثُه الله تعالى على من يشاء، فَجَعَلَه الله تعالى رحمَة للمؤمنين، فليس من عبدٍ يقع في الطَّاعُون فَيَمكُث فِي بَلَدِه صَابِرًا مُحتَسِبًا يعلَم أَنَّه لايُصِيبُه إِلاَّ مَا كتَب الله له إلا كان له مِثلُ أجرِ الشَّهيدِ.رواه البخاري
عن أبي هريرة رضي الله عنه مرفوعًا: «إِذَا لَبِسْتُم، وَإِذَا تَوَضَّأتُم، فَابْدَأُوا بَأَيَامِنُكُم».رواه أبو داود واللفظ له، والترمذي وابن ماجه وأحمد
عن جندب بن عبد الله رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : "قال رجل: والله لا يغفر الله لفلان، فقال الله: من ذا الذي يتألى عليَّ أن لا أغفر لفلان؟ إني قد غفرت له، وأحبطت عملك". وفي حديث أبي هريرة: أن القائل رجل عابد، قال أبو هريرة: "تكلم بكلمة أوبقت دنياه وآخرته".رواه مسلم
عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: «إذا عَطَسَ أَحَدُكُم فَلْيَقُل: الحَمْدُ للهِ، وَلْيَقُلْ لَهُ أَخُوهُ أو صاحبُهُ: يَرْحَمُكَ الله، فإذا قال له: يرحمك الله، فَلْيَقُلْ: يَهْدِيكُم الله ويُصْلِحُ بَالَكُم».رواه البخاري
عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «مَنْ عَادَ مَرِيضًا أَو زَارَ أَخًا لَهُ فِي الله، نَادَاهُ مُنَادٍ: بِأَنْ طِبْتَ، وَطَابَ مَمْشَاكَ، وَتَبَوَّأتَ مِنَ الجَنَّةِ مَنْزِلاً».رواه الترمذي وابن ماجه وأحمد
عن أنس بن مالك رضي الله عنه أَنَّ النَبيَّ -صلَّى الله عليه وسلَّم- كَان إِذَا تَكَلَّمَ بِكَلِمَةٍ أَعَادَهَا ثَلاَثًا حَتَّى تُفْهَمَ عَنْهُ، وَإِذَا أَتَى عَلَى قَوْمٍ فَسَلَّمَ عَلَيهِم سَلَّمَ عَلَيهِم ثَلاَثًا.رواه البخاري
عن أبي هريرة رضي الله عنه أَنَّهُ سَمِعَ النَّبيَّ -صلّى اللهُ عليه وسَلَّم يقول-: «إن العبد ليتكلم بالكلمة ما يتبين فيها يزلُّ بها إلى النار أبعدَ مما بين المشرق والمغرب».متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।"(আবু দাঊদ)
আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة، عن النبي صلى الله عليه وسلم قال: «إن العبد لَيَتَكَلَّمُ بالكلمة من رِضْوَانِ الله تعالى ما يُلْقِي لها بَالًا يَرْفَعُهُ الله بها درجاتٍ، وإن العبد لَيَتَكَلَّمُ بالكلمة من سَخَطِ الله تعالى لا يُلْقِي لها بَالًا يَهْوِي بها في جهنم». وعن أبي عبد الرحمن بلال بن الحارث المزني رضي الله عنه : أن رسول الله صلى الله عليه وسلم قال: «إن الرجل لَيَتَكَلَّمُ بالكلمة من رِضْوَانِ الله تعالى ما كان يظن أن تبلغ ما بَلَغَتْ يكتب الله له بها رِضْوَانَهُ إلى يوم يَلْقَاهُ، وإن الرجل لَيَتَكَلَّمُ بالكلمة من سَخَطِ الله ما كان يظن أن تبلغ ما بَلَغَتْ يكتب الله له بها سَخَطَهُ إلى يوم يَلْقَاهُ».حديث أبي هريرة -رضي الله عنه-: رواه البخاري. حديث بلال المزني -رضي الله عنه-: رواه الترمذي وابن ماجه ومالك وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন বেদুইন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ “মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" সেই ব্যক্তিজনে ক’লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াতকৈ মই একো বেছি নকৰোঁ। যেতিয়া সেই ব্যক্তিজন উভতি গ'ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "যিয়ে কোনো জান্নাতী ব্যক্তিক চাব বিচাৰে তেওঁ ইয়াক চোৱা উচিত।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «من رآني في المنام فَسَيَرَانِي في اليَقظة -أو كأنما رآني في الْيَقَظَةِ- لا يَتَمَثَّلُ الشيطان بي».متفق عليه. مسلم
অহশ্বী বিন হাৰ্ব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"(আবু দাঊদ,ইবনে মাজাহ, আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।" আৰু বুখাৰীত আছেঃ "সৰুৱে ডাঙৰক, খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه قال: ما عاب رسول الله صلى الله عليه وسلم طعاما قط، إن اشتهاه أكله، وإن كرهه تركه.متفق عليه
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"(মুছলিম)