Hadith for the World
Topic

ফিকহ আৰু উচুলে ফিক্হ

288 hadiths

288 hadiths

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي هريرة رضي الله عنه مرفوعًا: «صلاة الرجل في جماعة تَضعُفُ على صلاته في بيته وفِي سُوقِه خمسا وعشرين ضِعفًا، وذلك: أَنَّه إِذَا تَوَضَّأ، فَأَحسَن الوُضُوء، ثمَّ خرج إلى المسجد لاَ يُخرِجُهُ إلاَّ الصلاة؛ لَم يَخْطُ خُطوَةً إِلاَّ رُفِعَت له بِها درجة، وَحُطَّ عَنهُ بها خطيئة، فإذا صلَّى لم تزل الملائكة تُصَلِّي عليه، ما دام في مُصَلاَّه: اللهُمَّ صَلِّ عليه، اللهم اغفِر له، اللهم ارْحَمه، ولا يزال في صلاة ما انتظر الصلاة».متفق عليه
ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي شريح خويلد بن عمرو الخزاعي و أبي هريرة رضي الله عنهما عن رسول الله صلى الله عليه وسلم قال: «اللَّهُمَّ إِنِّي أُحَرِّجُ حَقَّ الضَعِيفَين: اليَتِيم والمَرْأَة».حديث أبي شريح رواه النسائي. وحديث أبي هريرة رواه ابن ماجه وأحمد
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"رواه أبو داود والنسائي وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبد الله بن عمرو بن العاص رضي الله عنهما أن رسول الله صلى الله عليه وسلم قال: «يَغْفِرُ الله للشَّهيد كُلَّ شيءٍ إلا الدَّين». وفي رواية له: «القَتْل في سَبِيل الله يُكَفِّر كلَّ شيءٍ إلا الدَّين».رواه مسلم
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।(মুছলিম)
عن أبي هريرة رضي الله عنه : أن رجلًا أتى النبي صلى الله عليه وسلم يَتَقَاضَاهُ فَأغْلَظَ له، فَهَمَّ به أصحابه، فقال رسول الله صلى الله عليه وسلم : «دَعُوه، فإن لِصَاحب الحَقِّ مَقَالا» ثم قال: «أعْطُوهُ سِنًّا مِثْل سِنِّهِ» قالوا: يا رسول الله، لا نَجِدُ إلا أمْثَلَ مِنْ سِنِّهِ، قال: «أعْطُوه، فإن خَيْرَكم أحْسَنُكُم قَضَاء».متفق عليه
শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।(মুছলিম)
عن ابن مسعود رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «أيُّكم مالُ وارثِه أحَبُّ إليه من مالَه؟» قالوا: يا رسول الله، ما منَّا أحد إلا مَالُه أحَبُّ إليه. قال: «فإن مالَه ما قدَّم، ومالُ وارثِه ما أخَّر».رواه البخاري
عن أبي مسعود البدري رضي الله عنه قَال: قَالَ رَسُولُ اللَّه -صَلّى اللهُ عَلَيْهِ وسَلَّم-: «حُوسِب رجُل ممن كان قَبْلَكُمْ، فلم يُوجد له من الخَيْر شيء، إلا أنه كان يُخَالط الناس وكان مُوسِراً، وكان يأمُر غِلْمَانَه أن يَتَجَاوَزُوا عن المُعْسِر، قال الله عز وجل : نحن أحَقُّ بذلك منه؛ تَجَاوزُوا عنه».رواه مسلم
মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।(মুছলিম)
عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «إذا قَام أحَدُكُم من الليل، فَاسْتَعْجَمَ القرآن على لِسَانه، فلم يَدْرِ ما يقول، فَلْيَضْطَجِع».رواه مسلم
ছাহল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব। কোৱা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে প্ৰৱেশ কৰাৰ বাবে সাজু হ'ব, তেওঁলোকৰ বাহিৰে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম বেলেগ দিনত কৰা নাছিল।(মুছলিম)
عن ابن مسعود رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «لا حَسَدَ إلا في اثنتين: رجل آتاه الله مالا، فسَلَّطَه على هَلَكَتِهِ في الحَقِّ، ورجل آتاه الله حِكْمَة، فهو يقضي بها ويُعَلِّمَها». وعن ابن عمر رضي الله عنهما ، عن النبي صلى الله عليه وسلم قال: «لا حسد إلا في اثنتين: رجل آتاه الله القرآن، فهو يقوم به آناء الليل وآناء النهار، ورجل آتاه الله مالا، فهو ينفقه آناء الليل وآناء النهار».حديث ابن مسعود رضي الله عنه: متفق عليه. حديث ابن عمر رضي الله عنه: متفق عليه
عن أبي هريرة ـ رضي الله عنه ـ قال: قال رسول الله صلى الله عليه وسلم : «لا يَلِجُ النارَ رجُل بَكى من خشية الله حتى يَعود اللَّبنُ في الضَّرْع، ولا يَجتمع غُبَارٌ في سبيل الله وَدُخَانُ جهنم».رواه الترمذي والنسائي وأحمد
ঝুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।"(বুখাৰী)
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।(বুখাৰী)
عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «مَا يَجِدُ الشَّهيد من مَسِّ القتل إلا كما يَجِدُ أَحَدُكُمْ من مَسِّ القَرْصَةِ».رواه الترمذي وابن ماجه والنسائي والدارمي وأحمد
عن أبي هريرة رضي الله عنه قال: قيل: يا رسول الله، ما يعدل الجهاد في سبيل الله؟ قال: «لا تستطيعونه» فأعادوا عليه مرتين أو ثلاثًا كل ذلك يقول: «لا تستطيعونه»! ثم قال: «مثل المجاهد في سبيل الله كمثل الصائم القائم القانت بآيات الله لا يَفْتُرُ من صيام، ولا صلاة، حتى يرجع المجاهد في سبيل الله». وفي رواية البخاري: أن رجلاً قال: يا رسول الله، دلني على عمل يعْدِلُ الجهاد؟ قال: «لا أجده» ثم قال: «هل تستطيع إذا خرج المجاهد أن تدخل مسجدك فتقوم ولا تفتر، وتصوم ولا تفطر»؟ فقال: «ومن يستطيع ذلك؟!»متفق عليه، والرواية الثانية للبخاري