Hadith for the World
Topic

ফিকহ আৰু উচুলে ফিক্হ

288 hadiths

288 hadiths

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।" আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ "আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান।" তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।(মুছলিম)
আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এবাৰ এজন ঋণগ্ৰহীতাক বিচাৰি গ'ল, যিয়ে তেওঁৰ পৰা ঋণ লৈ পলাই ফুৰিছিল। অৱশেষত তেওঁ তাক বিচাৰি পালে। ঋণ লোৱা ব্যক্তিজনে ক'লেঃ মই বৰ কঠিন সময় পাৰ কৰি আছোঁ। তেওঁ ক'লেঃ তুমি সঁচাই কৈছানে, তেন্তে আল্লাহৰ শপত খোৱা। সি ক'লেঃ আল্লাহৰ শপত। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।"(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
وعن سالم بن عبد الله بن عمر بن الخطاب رضي الله عنهم عن أبيه: أن رسول الله صلى الله عليه وسلم قال: « نِعْمَ الرَّجُلُ عبد الله، لو كان يُصلِّي من الليل» قال سالم: فكان عبد الله بعد ذلك لا يَنامُ من الليل إلا قليلًا.متفق عليه
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ঝায়েদ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ছফৰত আছিল, হঠাৎ তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনে সিহঁতৰ ছাঁত বিশ্ৰাম লৈছে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা অৱস্থাত আছে। তেতিয়া তেখেতে ক'লেঃ "ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।" মুছলিমৰ বৰ্ণনাত আছে যে, "মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عائشة وأم سلمة رضي الله عنهما «أن رسول الله صلى الله عليه وسلم كان يُدْرِكُهُ الفجر وهو جُنٌبٌ من أهله، ثم يغتسل ويصوم ».متفق عليه
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "মোক মোৰ অন্তৰঙ্গ বন্ধুৱে (অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) তিনিটা বিষয়ৰ উপদেশ দিছে। প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবলৈ, চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবলৈ, আৰু মই যেন টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি শুবলৈ যাওঁ।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عمر بن الخطاب رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «إذا أقبل الليل من هَهُنا، وأَدْبَرَالنهار من ههنا، فقد أفطر الصائم».متفق عليه
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে (ৰমাজানৰ) জোন দেখি ৰোজা আৰম্ভ কৰিবা আৰু (শ্বাওৱালৰ) জোন দেখি ৰোজা এৰিবা। যদি উদয়স্থল ডাৱৰীয়া হৈ থাকে তেন্তে হিচাপ অনুযায়ী অনুমান কৰিবা।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবুল হাওৰা আচ-ছা'দীয়ে কৈছেঃ মই হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাক সুধিলোঁঃ আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একো মুখস্থ কৰা নাইনে? তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো হাদীছ মুখস্থ কৰিছোঁ। "সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।"رواه الترمذي والنسائي وأحمد
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বজাৰত বা ঘৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত জামাতত আদায় কৰা নামাজৰ ছোৱাব বিছতকৈও অধিক গুণ বেছি। কিয়নো যেতিয়া তোমালোকৰ মাজৰ কোনোবাই উত্তমৰূপে অজু কৰি কেৱল নামাজ পঢ়াৰ উদ্দেশ্যে মছজিদলৈ যায়, যদি সি নামাজৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত ওলাই অহা নাই তেন্তে তাৰ প্ৰতিটো খোজতে এটাকৈ মৰ্যাদা বৃদ্ধি কৰা হয় আৰু প্ৰতিটো খোজৰ বিনিময়ত তাৰ এটাকৈ গুনাহ মাফ কৰি দিয়া হয়। অৱশেষত সি মছজিদত প্ৰৱেশ কৰে। মছজিদত প্ৰৱেশ কৰাৰ পিছৰে পৰা তাক নামাজত থকা বুলি গণ্য কৰা হয়, যেতিয়ালৈকে সি নামাজৰ কাৰণে তাত বহি থাকে। সি যিটো ঠাইত নামাজ পঢ়িছে সেই ঠাইত যিমান সময়লৈকে বহি থাকে, সিমান সময়লৈকে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰে। তেওঁলোকে কয়ঃ হে আল্লাহ! ইয়াৰ প্ৰতি ৰহম কৰা, ইয়াক ক্ষমা কৰা, হে আল্লাহ! তুমি ইয়াৰ তাওবা কবূল কৰা, (এইদৰে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰিয়ে থাকে) যেতিয়ালৈকে সি তাত কাকো কষ্ট নিদিয়ে অথবা যেতিয়ালৈকে তাৰ অজু ভংগ নহয়।"(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: “মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)।(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن أبي ذر رضي الله عنه قال: قال النبي صلى الله عليه وسلم :«عُرِضَتْ عَلَيَّ أعمالُ أُمتي، حَسَنُهَا وسَيِّئُهَا فَوَجَدتُ في مَحَاسِنِ أَعْمَالِهَا الأَذَى يُمَاطُ عَنِ الطَّرِيقِ، ووَجَدتُ في مَسَاوِئِ أَعْمَالِهَا النُّخَاعَةُ تَكُونُ في المَسْجِدِ لا تُدْفَنُ».رواه مسلم